নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ অপহৰণৰ বিভীষিকা

অতিমাৰী ক’ভিড–১৯ৰ দ্বিতীয় লহৰৰ বিভীষিকা চলি থকাৰ সময়তে ২১ এপ্রিলৰ পুৱতিনিশা অ’এনজিচিৰ লাকুৱা তৈলক্ষেত্রৰ তিনিজন কর্মচাৰীক আলফাই অপহৰণ কৰাৰ ঘটনা নিশ্চিতভাৱে উদ্বেগজনক৷ আলফাই অপহৰণ কৰা লাকুৱা তৈলক্ষেত্রৰ অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক সেনা আৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও ৰিতুল শইকীয়াৰ কোনো শুংসূত্র লাভ কৰা নাই৷ তৈলক্ষেত্রটোৰ কর্মচাৰী তিনিজনক আলফাই অপহৰণ কৰি ম্যানমাৰলৈ লৈ যোৱাৰ পথত নাগালেণ্ডৰ ম’ন জিলাৰ টকক চিংথু গাঁৱত নিৰাপত্তা বাহিনীৰ সৈতে মুখামুখি সংঘর্ষ হোৱাত আলফাৰ দলটোৱে পলায়ন কৰে৷ নিৰাপত্তা বাহিনীয়ে অপহূত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিলেও ৰিতুল শইকীয়াৰ কোনো শুংসূত্র ওলোৱা নাই৷ নিৰাপত্তা বাহিনী আৰু অপহৰণকাৰীৰ মাজত চলা সংঘর্ষ সন্দর্ভত আলফাই শনিবাৰে এক বিবৃতিযোগে ঘোষণা কৰিছে যে ৰিতুল শইকীয়া সংগঠনটোৰ জিম্মাত নাই৷ তেওঁক হয়তো নিৰাপত্তা বাহিনীৰ জিম্মাত ৰখা হৈছে নতুবা সংঘর্ষত নিহত হৈছে৷ আলফাৰ এই বিবৃতিক কেন্দ্র কৰি স্বাভাৱিকতে ৰিতুল শইকীয়াৰ পৰিয়ালকে নহয়, সমগ্র অসমবাসীক চিন্তিত কৰিছে৷ কিয়নো অপহূত অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰত সফল হোৱা নিৰাপত্তা বাহিনীয়ে ৰিতুল শইকীয়াৰ কোনো তথ্য ৰাজহুৱা কৰা নাই৷ ৰিতুল শইকীয়াৰ বর্তমান অৱস্থিতি কি, সেয়া আলফা আৰু ৰাজ্যৰ আৰক্ষী তথা গৃহ বিভাগে শীঘ্রে স্পষ্ট কৰিব লাগিব৷ মাথোঁ এটা বিবৃতি দিয়েই ৰিতুল শইকীয়া আলফাৰ জিম্মাত নাই বুলি ঘোষণা কৰিয়েই আলফাই দায়িত্ব সামৰিব নোৱাৰে৷ কিয়নো ২১ এপ্রিলৰ পুৱতি নিশা লাকুৱা তৈলক্ষেত্রৰ পৰা অ’এনজিচিৰ কর্মচাৰী তিনিজনক অপহৰণ কৰাৰ পিছত তিনিওটা পৰিয়াল আৰু বিভিন্ন সংগঠনে এই অপহৰণ কোনে সংঘটিত কৰিছে তাৰ স্পষ্টীকৰণ বিচাৰিছিল৷ কিন্তু সেই সময়ত স্বাধীন অসমৰ সপোন দেখুওৱা আলফাৰ নেতৃত্ব সম্পূর্ণ নীৰৱে আছিল৷ নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষৰ ফলত অপহৰণৰ ঘটনা ব্যর্থ হোৱাৰ তিনিদিন পিছতে আলফাই অপহৰণ কাণ্ডক স্বীকাৰ কৰিছে৷ অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈৰ লেখীয়া ৰিতুল শইকীয়াও সুস্থ শৰীৰে ঘৰলৈ ঘূৰি অহাটো বিচাৰিছে অসমবাসীয়ে৷ ৰিতুল শইকীয়াৰ জীৱন বিপদাপন্ন হ’লে অসমবাসীয়ে আলফাক কেতিয়াও ক্ষমা নকৰে৷
লাকুৱা তৈলক্ষেত্রৰ তিনিজন কর্মচাৰীক অপহৰণ কৰাৰ সুযোগ কিদৰে আলফাই লাভ কৰিলে? কুইপ’ নামৰ তৈল প্রতিষ্ঠানটোৰ প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ নামৰ দুজন কর্মচাৰীক আলফাই অপহৰণ কৰি তিনি মাহ ১৪ দিন ধৰি সংগঠনটোৰ জিম্মাত ৰখাৰ পাছত ৩ এপ্রিলত অৰুণাচলৰ চাংলাং জিলাৰ নামপং লংভি বস্তিত মুকলি কৰি দিছিল৷ প্রণৱ গগৈ আৰু ৰাম কুমাৰক আলফাই অপহৰণ কৰাৰ পিছত অসমবাসীকে নহয়, দেশবাসীকো উদ্বিগ্ণ কৰি তুলিছিল৷ কুইপ’ৰ কর্মচাৰীদ্বয়ক মুকলি কৰি দিয়াৰ তিনি সপ্তাহ নৌহওঁতেই কিদৰে লাকুৱা তৈলক্ষেত্রৰ কর্মচাৰী তিনিজনক অপহৰণ কৰাৰ সুবিধা পালে আলফাই? প্রণৱ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰাৰ পিছতো ৰাজ্যখনৰ তৈলক্ষেত্রসমূহৰ সুৰক্ষা আৰু কর্মচাৰীসকলৰ নিৰাপত্তাৰ ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা যে গ্রহণ কৰা নাছিল সেয়া স্পষ্ট হৈছে৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ তৈল কোম্পানী তথা তৈলক্ষেত্রসমূহৰ নিৰাপত্তা ব্যৱস্থাত চিআইএছএফ নিযুক্ত থাকে৷ কিন্তু তৈল প্রতিষ্ঠান আৰু তৈলক্ষেত্রসমূহৰ বাহিৰৰ নিৰাপত্তাৰ দায়িত্ব অসম আৰক্ষীৰ অধীনত পৰে৷ আলফাই আকৌ অপহৰণৰ বিভীষিকা আৰম্ভ কৰাৰ মূলতেই যে সংগঠনটোৰ পুঁজি সংগ্রহৰ লক্ষ্য সেয়া স্পষ্ট৷ কিন্তু তৈল কোম্পানী–প্রতিষ্ঠানস পৰা মোটা পৰিমাণৰ পুঁজি সংগ্রহৰ নামত আলফাই আৰম্ভ কৰা অপহৰণ বন্ধ নহ’লে ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাই নহয়, সর্বসাধাৰণ ৰাইজৰ মাজতো নিৰাপত্তাহীনতাই দেখা দিব৷ ঊনবিংশ শতিকাৰ ৯০ দশকৰ পৰা অসমবাসীয়ে সুদীর্ঘ ২৫ বছৰে উগ্রপন্থী সংগঠনসমূহৰ বিভীষিকাৰ সন্মুখীন হৈছিল৷ এই সময়ছোৱাত নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ মাজত চলি থকা অঘোষিত যুঁজখনত সহস্রাধিক লোক নিহত আৰু ঘুণীয়া হৈছিল৷ উগ্রপন্থীৰ বিভীষিকাই হওক, নিৰাপত্তা বাহিনীৰ অভিযানতেই হওক সর্বাধিক ক্ষতিগ্রস্ত হৈছিল সর্বসাধাৰণ ৰাইজ৷ বিগত এটা দশকত এটা এটাকৈ উগ্রপন্থী সংগঠনে শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে যদিও আলফাৰ শেহতীয়া অপহৰণ কাণ্ডই আকৌ পূর্বৰ বিভীষিকাময় পৰিস্থিতিৰ উক দিয়াৰ উমান দিছে৷ এনে বিভীষিকা আৰু অসমবাসীয়ে প্রত্যক্ষ কৰিবলৈ বিচৰা নাই৷ ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰেও এইক্ষেত্রত সজাগ হ’বই লাগিব৷

You might also like