নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী সমষ্টিত ১৫৯৯৪৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৮ প্ৰাৰ্থীৰ ভাগ্য

নিয়মীয়া বাৰ্তা   ৫ এপ্ৰিলঃ চিৰাং জিলাৰ বিজনী বিধান সভা সমষ্টিৰ অন্তৰ্গত মুঠ ২৩৩ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ আজি ভোট গ্ৰহণৰ বাবে নিয়োজিত প্ৰিজাইডিং আৰু প’লিং বিষয়াৰ লগতে নিৰ্বাচনৰ কামত নিয়োজিত নিৰাপত্তাৰক্ষী লোক সকলে নিজ নিজ  ভোট গ্ৰহণ কেন্দ্ৰলৈ কাইলৈ পুৱা সাত বজাৰ অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণ কৰাৰ বাবে ৰাওনা হৈছে | বিজনী মহাবিদ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰৰ পৰা আজি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ভোট গ্ৰহণকাৰী বিষয়া সকল  বিভিন্ন বাহনেৰে গন্তব্য স্থানলৈ যাত্ৰা কৰে |

৩৩ বিজনী বিধান সভা সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৫৯ ৯৪৯ গৰাকী | ইয়াৰে  পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৮০৭৮৭ গৰাকী | মহিলা ভোটাৰৰ সংখ্যা হৈছে ৭৯১৬২ গৰাকী | সমষ্টিটোত এইবাৰ মুঠ আঠ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকল হৈছে বিপিএফৰ কমল সিং নাৰ্জাৰী, বিজেপিৰ অজয় কুমাৰ ৰায়, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰূপম কুমাৰ দাস, ইউ পি পি এল দলৰ প্ৰাৰ্থী ফনীন বড়ো, ভোটাৰ পাৰ্টী ইন্টাৰনেচনেলৰ নন্দদেৱ ব্ৰহ্ম আৰু নিৰ্দলীয়ৰূপে অৱতীৰ্ণ হৈছে চুলেমান মণ্ডল, আব্দুল আৱাল পাৰমাণিক আৰু বাহাৰুল ইছলাম নাগৰি |ইফালে

বিজনী মহকুমাৰ মহকুমাধিপতি তথা নিৰ্বাচনী বিষয়া ধ্ৰুৱজ্যোতি দাসে বিজনী সমষ্টিত কাইলৈ পুৱা সাত বজাৰ পৰা গধূলি ছয় বজালৈ অনুষ্ঠিত হ’ব লগীয়া ভোটদান পৰ্বত  সমষ্টিব সকলো নাগৰিকক ভোটদান কৰিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে শান্তি পূৰ্ণ পৰিৱেশ সৃষ্টি কৰি ভোট দান কৰিবলৈ আহ্বান জনাইছে।

You might also like