নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰা জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট প্ৰতিযোগিতাত গোল্ডেন বীয়াৰ’ৰ সহজ জয়

 

নিয়মীয়া বাৰ্তা,০৫ মাৰ্চ:-বিলাসীপাৰাৰ ৰোকাখাতা উ:মা: বিদ্যালয় খেলপথাৰত স্থানীয় জিলা ক্ৰীড়া সন্থাই আয়োজন কৰা ক্ৰিকেট লীগ প্ৰতিযোগিতাত গোল্ডেন বীয়াৰ ক্লাবে চূড়ান্ত বিজয়ী দলৰ খিতাপ অৰ্জন কৰে। অঞ্চলটোৰ ২৯ ক্লাৱৰ ক্ৰিকেট দলে অংশগ্রহণ কৰা আন্ত:ক্লাৱ প্ৰতিযোগিতাত খনৰ আজি চুড়ান্ত খেল অনুষ্টিত হয়। টচত জিকি ফ্ৰেণ্ডচ্ ক্লাবে প্ৰথমে বেটিং কৰিবলৈ লয় যদিও বিপক্ষ দলৰ বলিঙত ছন্দপতন ঘটে। ফলত ২৪ অভাবে ১০ উইকেটৰ বিনিময়ত মাত্ৰ ৬৮ ৰাণ সংগ্ৰহ কৰি ইনিংস সামৰে।ইয়াৰ প্ৰতিত্তৰত গোল্ডেন বীয়াৰ ক্লাবে মাত্ৰ ১৩’1 অভাৰত ২ উইকেটৰ বিনিময়ত ৬৯ ৰাণ সংগ্ৰহ কৰি সহজ জয়ৰ সোৱাদ লয়। প্ৰতিযোগিতাৰ অন্তত প্লেয়াৰ অৱ দ্যা টুৰ্ণামেন্ট, সৰ্বাধিক উইকেট লোৱা আৰু প্লেয়াৰ অৱ দ্যা ফাইনাল মেচ হিচাপে ত্ৰিদীপ চেত্ৰীক বাচনি কৰি মানপত্ৰ, ট্ৰফী প্ৰদান কৰা হয়। তেনেদৰে সৰ্বাধিক ৰাণ সংগ্ৰহ কাৰী আৰু সৰ্বাধিক ইণ্ডিভিজুৱেল ৰাণ সংগ্ৰহ কাৰী হিচাপে শ্বইন বিশ্বাসক বাচনি কৰি মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয়।

 

প্ৰেৰক:- সমৰেশ শীল শৰ্মা, নিয়মীয়া বাৰ্তা, বিলাসীপাৰা।

You might also like