নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকছাৰিত তাই সংস্কৃতিৰ সাধক চিদানন্দ গগৈলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

 

 

নিয়মীয়া বাৰ্তাঃ ৫ মাৰ্চঃ মৰিয়নি নকছাৰিৰ তিৰুৱাল গাঁৱৰ নিবাসী, তাই সংস্কৃতিৰ বিশিষ্ট সাধক চিদানন্দ গগৈৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আজি তিৰুৱাল গাঁৱত ৩৪ টা জাতীয় সংগঠনৰ প্ৰতিনিধিৰ অংশগ্ৰহনেৰে এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশতঅনুষ্ঠিত হয় । সেই উপলক্ষ্যে পুৱা মৈদাম তৰ্পণ কৰাৰ পাছতে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠিত হয় । ইয়াৰ পাছতে পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি অতুল ফুকনৰ সভাপতিত্বত এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । নবীন গগৈয়ে আঁত ধৰা এই স্মৃতিচাৰণ সভাৰ আদৰণি ভাষণ আগবঢ়ায় উদ্‌যাপন সমিতিৰ সভাপতি দেবেন গগৈয়ে । সভাত অসমৰ তাই আহোম জনগোষ্ঠীৰ সিংহভাগ সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি চিদানন্দ গগৈলৈ শ্ৰদ্ধাঞ্জলি জনায় । তাই সংস্কৃতিৰ প্ৰতি নিজকে উচৰ্গা কৰা চিদানন্দ গগৈৰ প্ৰতি সন্মান জনাই প্ৰায়বিলাক তাই সংগঠনৰ নেতা-কৰ্মীয়ে অংশ লয় । অনুষ্ঠানত অংশ লৈ শিক্ষাবিদ ড° দয়ানন্দ বৰগোঁ‌হায়ে চিদানন্দ গগৈৰ মৃত্যু এক অপূৰনীয় ক্ষতি বুলি উল্লেখ কৰি কয়- জীয়াই থকালৈকে মানুহৰ মূল্য কিমান বুজা নাযায় কিন্তু মৃত্যুৰ পিছত মৰ্মে মৰ্মে অনুভৱ কৰায় সমাজখনৰ বাবে তেওঁৰ প্ৰয়োজন কিমান আছিল । তাই আহোম ভাষা-সংস্কৃতিক জীয়াই ৰক্ষাৰ স্বাৰ্থত আৰ্থিক দৈন্যতাক নেওচি কৰি যোৱা কামসমূহ তেওঁ শ্ৰদ্ধাৰে সোঁৱৰে । তেখেতে ইতিহাস সোঁৱৰি কয় যে বুৰঞ্জীৰ পুনৰাবৃত্তি ঘটে । তাক পৰ্য্যালোচনা কৰিলে গম পোৱা যায় যাৰ পৰা বহু শিক্ষা ল”ব পাৰি বুলিও তেওঁ লগতে উল্লেখ কৰে । আনহাতে আহোম জাতিৰ গৌৰবোজ্বল ইতিহাস সোঁৱৰিলে নতুন প্ৰজন্মই নিজকে সংশোধন আৰু শক্তিশালী কৰিব পাৰিব বুলি মন্তব্য কৰি শিক্ষাবিদজনে তাই ভাষা শিক্ষণৰ বাবে ৫ পৰা ১১ বছৰীয়া শিশুক গুৰুত্ব দিবলৈ প্ৰসংগক্ৰমে তেওঁ‌ আহ্বান জনায় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন শিক্ষয়িত্ৰী অনিতা গগৈৰ সম্পাদনাত প্ৰকাশ কৰি ওলিওৱা স্মৃতিগ্ৰন্থ ‘স্মৃতিলেখা’ উন্মোচন কৰি চেবাৰ প্ৰাক্তন সচিব, শিক্ষা বিষয়া কমলজ্যোতি গগৈয়ে কয় যে ভাষা-সংস্কৃতিক সন্মান দিব নোৱাৰিলে এটা শক্তিশালী জাতিও দুৰ্বল হৈ পৰে । সেয়েহে জাতিটোক শক্তিশালী ৰূপ দিবলৈ হ’লে ভাষা-শিক্ষণ আৰু সংস্কৃতি সাধনাত আগ্ৰহ জন্মোৱাৰ প্ৰাসংগিকতা আছে বুলি বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত অসম ফুৰালুং সংঘৰ সম্পাদক প্ৰাঞ্জল মহন, সদৌ তাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, তাই আহোম যুৱ পৰিষদ, চাউদাং জাতীয় পৰিষদ, ইণ্ডিজেনাচ পিপুলচ অৱ আসাম, মহন-দেউধাই বাইলুং সম্মিলন, তাই মংগোলীয় সাংসৃতিক সংঘ, আছু, অসম চাহ জনজাতি ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থাকে আদি কৰি বহু সংগঠনৰ প্ৰতিনিধিয়ে অংশ লয় । অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়েও অংশ লোৱাৰ লগতে চিদানন্দ গগৈলৈ সন্মান জনাই বিশেষ সহযোগিতা আগবঢ়ায় । নকছাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই সভাত অংশ লৈ চিদানন্দ গগৈৰ জীৱনৰ সৰলতা ,জাতীয় চেতনাবোধ সোঁৱৰে । প্ৰসংগক্ৰমে তেখেতে নকছাৰি মহাবিদ্যালয়ত তাই ভাষা শিক্ষণৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱা হৈছে বুলি উল্লেখ কৰি যিয়ে নৱ প্ৰজন্মৰ বাবে ভাল বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে । নতুন শিক্ষানীতিৰ অধীনত আগন্তুক শিক্ষা বৰ্ষৰ পৰা অসম চৰকাৰে উচ্চতৰ মাধ্যমিক শাখাত তাই ভাষা শিক্ষণ কৰিবলৈ লৈছে বুলি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি অতুল ফুকনে উল্লেখ কৰে । অনুষ্ঠানৰ আৰম্ভণি ফুৰালুং সংঘই পৰিবেশন কৰা আই -চিং লাওৰে আৰম্ভণি কৰে ।ফুৰালুং সংঘই চিদানন্দ গগৈৰ শ্ৰদ্ধাঞ্জলি পৰম্পৰাগত নিয়মেৰে পালন কৰে । স্মৃতিচাৰণ অনুষ্ঠানত শিল্পী ৰবীন গগৈৰ লগতে ইণ্ডিজেনাচ পিপুলচ অৱ আসামৰ হৈ নীলাম্বৰ গগৈৰ লগতে বহু সম্মানীয় বক্তাই বক্তব্য ৰাখি তাই সংস্কৃতিৰ সাধক চিদানন্দ গগৈলৈ সন্মান জনায় । জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাখনিত প্ৰায় ৩৫ টাকৈ সংগঠনে অংশ লৈ একতাৰ নিদৰ্শন দেখুৱালে । গুৱাহাটি, তিনিচুকীয়া,শিৱসাগৰ,ডিব্ৰুগড় বিভিন্ন প্ৰান্তৰৰ পৰা তাই সংস্কৃতিৰ মুগা সাজ পিন্ধি চিদানন্দ গগৈক সন্মান যাঁচিবলৈ ভীৰ কৰা কাৰ্য্যই নকছাৰিত এক স্মৰণীয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি পৰিণত কৰিলে । ইফালে, তেখেতৰ মৈদামটো সদৌ তাই আহোম ছাত্ৰ সন্থাই বিশেষভাৱে নিৰ্মান কৰাৰ দায়িত্ব লোৱা বুলি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে জানিবলৈ দিছে । উল্লেখযোগ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত মৃত্যু বৰণ কৰা চিদানন্দ গগৈ অসম ফুৰালুং সংঘৰ সভাপতিৰ লগতে পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপ-সভাপতি আছিল । তৰাতলি তাই আহোম সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদক হিচাপে থকা চিদানন্দ গগৈয়ে চেংৰেন নিৰ্মাণৰ বাবে নিজা ভূমিও দান কৰি থৈ গৈছে ।

দিব্যজ্যোতি শইকীয়া

You might also like