নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ বাঁহপৰাত বিজেপি অনুসূচিত জাতি মৰ্চা ঢকুৱাখনা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

 

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা ঢকুৱাখনা জিলা সমিতিৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা আজি বাহঁপৰা গাঁও হৰিমন্দিৰ প্ৰাংগনত জিলা সমিতি সভাপতি ধীৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । সভাত ভাৰতীয় জনতা পাৰ্টি অনুসূচিত জাতি মৰ্চা অসম ৰাজ্যিক সমিতি মেডিয়া কোষৰ আহ্বায়ক উৎপল হাজৰিকা, মৰ্চা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ঢকুৱাখনা মহকুমাৰ অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষ গুৰুগোবিন্দ দাস , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ভাস্কৰ জ্যোতি হাজৰিকা , ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখনা জিলা সমিতি সম্পাদক তথা ঢকুৱাখনা মহকুমাৰ OBC বৰ্ডৰ অধ্যক্ষ হেমন্ত গগৈ ,ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাস,অনুসূচিত জাতি মৰ্চা জিলা সাধাৰণ সম্পাদক ক্ৰমে
অনিল দাস আৰু বিমল দাস , জনতা যুৱ মৰ্চা জিলা সমিতি সভাপতি বৃকোদৰ দাস , সাধাৰণ সম্পাদক মিগম পেগুৰ লগতো বহুকেইজন ব্যক্তি উপস্থিত থাকে ৷

 

প্ৰেৰক ঃ ৰাজেশ বুঢ়াগোহাঞি

You might also like