নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থীৰ বিশেষ প্ৰস্তুতি সভা

নিয়মীয়া বাৰ্তা, ২১মাৰ্চ:  শিৱসাগৰ জিলাৰ বীৰ লাচিত বৰষুকন মহাবিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সমিতিৰ সভাপতি জয়চন্দ মিলি আৰু সম্পাদক ৰামেণ্ডু চেতিয়াৰ আহ্বানত অহা ২৭ মাৰ্চ সোমবাৰে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদৰ তিনিজনীয়া সদস্যৰ উপস্থিতিৰ লগতে তেওঁলোকৰ সৈতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাক্ষাতৰ সন্দৰ্ভত ১৯ মাৰ্চ দুপৰীয়া ১১ বজাত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয়৷ এই সভাত জয়চন্দ মিলিয়ে আৰম্ভণি ভাষণ ৰাখি ২৭ মাৰ্চৰ বাবে প্ৰস্তুতি সন্দৰ্ভত এক সম্যক ধাৰণা আগবঢ়াই লগতে উপস্থিত সদস্যক নিজৰ মত জনোৱাৰ বাবে আহ্বান জনায়৷ সভাত বহুকেইজন প্ৰাক্তন ছাত্ৰই নিজৰ দিহা পৰামৰ্শ দিয়াৰ লগতে উক্ত দিনৰ প্ৰস্তুতিৰ এক কাৰ্যক্ৰমণিকা প্ৰস্তুত কৰে৷ উক্ত সভাৰ সিদ্ধান্ত অনুসৰি মহাবিদ্যালয়ৰ সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পুনৰ মিলনৰ এক বিশেষ মূহূৰ্ত হিচাপে পৰিগণিত হোৱাৰ বাবে ২৭ মাৰ্চ দিনৰ ১ বজাত সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক নিমন্ত্ৰণ জনোৱাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰে৷ অন্যহাতে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ণ পৰিষদৰ সদস্যৰ ওচৰত মহাবিদ্যালয়ৰ গৰিমা ৰক্ষা লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মহাবিদ্যালয়ৰ লগত সু-সম্পৰ্ক প্ৰতিপন্ন কৰিব বাবে প্ৰাক্তন ছাত্ৰ সমিতিৰ ফালৰ পৰা সকলো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সবিনয়ৰে নিমন্ত্ৰণ জনাইছে৷

You might also like