নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত কৃষি বিভাগৰ পাৱাৰ টিলাৰ বিতৰণ

নিয়মীয়া বাৰ্তা,  ২৯ জুনঃ কৃষক সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি আহিছে। বিশেষকৈ কৃষকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰূপায়ণ কৰা এই আঁচনিসমূহৰ ভিতৰত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, উদ্যান শস্যৰ বিভিন্ন আঁচনি উল্লেখ্যযোগ্য। এই আঁচনিসমূহৰ জৰিয়তে কৃষকসকলক স্বাৱলম্বী কৰাই হৈছে মূল লক্ষ্য। এই উদ্দেশ্যৰে যোৱা ২৮ জুনত বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত জিলাখনৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ভাটে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ অধীনত ৮৫ হাজাৰ টকাৰ ৰাজহ সাহায্যযুক্ত পাৱাৰ টিলাৰ চাৰিজন কৃষকক বিতৰণ কৰে। এই অনুষ্ঠানতে উদ্যান শস্যৰ অধীনত আপেল বগৰীৰ পুলি বিতৰণ কৰা হয়। এই উন্নত জাতৰ বগৰীৰ পুলি বিতৰণ কৰি বিজ্ঞানসন্মতভাৱে প্ৰতিপালন কৰি অধিক লাভাম্বিত হোৱাৰ লগতে অৰ্থনৈতিকভাৱে স্বচ্ছল হ’বলৈ কৃষকসকলক আহ্বান জনোৱা হয়। জিলা উপায়ুক্ত গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ এইধৰণৰ অভিলাষী আঁচনিসমূহৰ সুবিধা লাভৰ পৰা যাতে কোনো যোগ্য কৃষক বঞ্চিত হ’বলগীয়া নহয় তাৰ বাবে সকলো কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ উপস্থিত কৃষি বিষয়াসকলক আহ্বান জনায়। উক্ত অনুষ্ঠানতে বিশ্বনাথ জিলা কৃষি বিষয়া দীপক বাঢ়ৈয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ বৰ্তমানলৈকে ৰূপায়ণৰ স্থিতি তথা অগ্ৰগতি সম্পৰ্কে বক্তব্য আগবঢ়ায়।

You might also like