নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিদিষ্ট কাললৈ যোৰহাট-মাজুলীৰ ফেৰি সেৱা বন্ধ

নিমাতীত ব্ৰহ্মপুত্ৰত জলৰাশিৰ বিপদসীমাৰ ওপৰে ৮৬'৪৩ মিটাৰ বৈছে

নিয়মীয়া বাৰ্তা, ২৯ জুন: সমগ্ৰ অসমত প্ৰৱল বৰষুণৰ ফলত কৃত্ৰিম বানত জুৰুলা হৈ থকা সময়তে কালিৰে পৰা ব্ৰহ্মপুত্ৰ জলৰাশিৰ ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ যোৱা দুদিন ধৰি উজনি অসমকে ধৰি অৰুণাচলৰ দাতিকাষৰীয়া অঞ্চলত প্ৰৱল বৰষুণ ফলত ব্ৰহ্মপুত্ৰ নদীত জলপৃষ্ঠ বৃদ্ধি পাবলৈ লৈছে৷ কালি ৰাতিৰে পৰা যোৰহাট নিমাতী ঘাটতো জলপৃষ্ঠ বিপদসীমাৰ যথেষ্ট ওপৰে ববলৈ লোৱাত আজি যোৰহাট জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তই নিমাতীঘাট পৰিভ্ৰমণ কৰি অনিদিষ্ট দিনলৈ ফেৰি সেৱা বন্ধ কৰি দিছে৷ যিহেতুকে ব্ৰক্ষপুত্ৰৰৰ প্ৰৱল সোঁতত পাহাৰৰ পৰা খহি অহা বৃহৎ কাঠৰ কুন্ডাই ফেৰি দুৰ্ঘটনা সংঘটিত কৰা আশংকা কৰিয়ে এই সিদ্ধান্ত লয়৷ আজি আই দব্লিউ টি অভিযন্তা অসীম বৰুৱাই জনোৱা মতে নিমাতী ঘাটতত বিপদ সীমাৰ 86.43 মিটাৰ ওপৰে বৈ আছে৷ জানিব পৰা মতে ৰাতিলৈ আৰু জলপৃষ্ঠ বৃদ্ধি হোৱা সম্ভাৱনা আছে৷ অন্যহাতে নিমাতী দাতিকাষৰীয়া অঞ্চলৰ ৰাইজে নিমাতী মাঠাউৰীক লৈ চিন্তিত হৈ পৰিছে৷

You might also like