নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ পৰা বামুণীগাঁৱলৈ বিজেপিৰ বাইক ৰেলী, পৃষ্ঠাপ্ৰমুখ সন্মিলনত সাংসদ কুইন ওজা

নিয়মীয়া বাৰ্তা ২৩ ফেব্ৰুৱাৰীঃ ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁৱত অনুষ্ঠিত হ’বলগীয়া পৃষ্ঠাপ্ৰমুখ সন্মিলন উপলক্ষে আজি দিনৰ প্ৰায় ‍‍১২ বজাত ছয়গাঁৱৰ নাট্যমন্দিৰ প্ৰাংগণৰ পৰা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাক লৈ বামুণীগাঁৱলৈ এটি মটৰচাইকেল ৰেলী উলিয়ায়।

ইয়াৰ পিছতে ভাৰতীয় জনতা পাৰ্টীৰ ছয়গাঁও সমষ্টিৰ বামুণীগাঁৱৰ বনগাঁও মৌজাৰ সভাঘৰ প্ৰাংগণত পৃষ্ঠাপ্ৰমূখ সন্মলিন অনুষ্ঠিত হয়। বিজেপিৰ বনগাঁও মণ্ডলৰ সভানেত্ৰী লাৱণ্য বড়োৱে আদৰণী ভাষণ দিয়া সভাখনত সভাপতিত্ব কৰে ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰে।

এই সভাত মুখ্য অতিথি হিচাপে উপস্হিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ স‍াংসদ কুইন ওজাই ভাষণ প্ৰসংগত কয় যে ভৰতত কেইখনমান ৰাজ্যৰ বাহিৰে সকলোতে বিজেপিৰ চৰকাৰ চলি আছে । সাংসদগৰাকীয়ে কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ লগত এতিয়া আলীয়ো নাই কুলিও নাই, ৰিপুণ বৰা আৰু আজমলে এতিয়া জিকিৰ গাই থাকিব লাগিব।

সাংসদগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে লোৱা জনকল্যাণ আঁচনিসমূহৰ বিষয়ে সভাত ব্যাখ্যা আগবঢ়ায়। কংগ্ৰেছে অসম বচাওক লোৱা কাৰ্যসূচীক হাস্যকৰ বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক প্ৰাক্তন উপ-সভাপতি মতিউৰ ৰহমানে।

ৰহমানে আৰু কয় যে গঁড়কেইটা ৰক্ষা কৰিব নোৱাৰা কংগ্ৰেছৰ অসম বচাওক কাৰ্যসূচী দেখি কাজিৰঙাৰ গঁড়কেইটায়ো উচুপি উঠা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এই সভাত ভাষণ ৰাখে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপ-সভানেত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী বিজুলী কলিতা মেধি, বিজেপি নেতা নিংকু হুজুৰী, হিতেশ কলিতা, তৌফিকুৰ ৰহমান, সোণাৰাম সাউদকে প্ৰমুখ্যে বহুতো নেতা-কৰ্মী।

You might also like