নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ বছৰীয়া কিশোৰীক বিবাহঃ সাংসদৰ বিৰুদ্ধে আৰম্ভ তদন্ত

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ এগৰাকী সাংসদ মৌলানা ছলাহুদ্দিন আয়ুবিৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। ছলাহুদ্দিনৰ বিৰুদ্ধে এগৰাকী ১৪ বছৰীয়া কিশোৰীক বিয়া কৰোৱাৰ অভিযোগ উঠিছে।

বেলুচিস্তানৰ সাংসদ তথা মৌলানা জমিয়ত উলেমা-ই-ইছলামৰ নেতা ছলাহুদ্দিনৰ বিৰুদ্ধে প্ৰথমে অভিযোগ আনে পাকিস্তানত নাৰী কল্যাণক লৈ কাম কৰা চিত্ৰালস্থিত এটা স্বেচ্ছাসেৱী সংগঠনে। সংগঠনটোৱে প্ৰথমে এই সন্দৰ্ভত আৰক্ষীক অভিযোগ দাখিল কৰে।

অভিযোগ মতে, সাংসদজনে নাবলিকাগৰাকীক বিয়া হ’বলৈ বাধ্য কৰাইছিল। বেলুচিস্তানৰ সাধাৰণ জনতাও এই বিষয়ক লৈ খৰ্গহস্ত ছলাহুদ্দিনৰ বিৰুদ্ধে, কিয়নো তেওঁৰ বয়সৰ তুলনাত চাৰিগুণ সৰু কিশোৰীগৰাকী।

গোটেই ঘটনাটো ইতিমধ্যে পাকিস্থানৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ২০০৬ চনৰ ২৮ অক্টোবৰত জন্ম লভা কিশোৰীগৰাকীৰে সাংসদগৰাকীয়ে সম্পূৰ্ণ বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰিব পৰা নাই যদিও নিকাহৰ প্ৰাথমিকতা সম্পূৰ্ণ কৰা হৈছে।

উল্লেখ্য, ১৬ বছৰৰ কম বয়সৰ ছোৱালীক বিয়া কৰাটো পাকিস্তানত অসাংবিধানিক। বেলুচিস্তানৰ নাগৰিকৰ মতে পাক প্ৰশাসনে ৰাজ্যখনৰ নাগৰিকৰ মানৱাধিকাৰ আগতেও বহুবাৰ খৰ্ব কৰি আহিছে।

You might also like