নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 ১৭ নং বিধানসভা সমষ্টি বোকাজানত বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমোল মনিনক উষ্ম আদৰণি

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ১৭ নং বিধানসভা সমষ্টি বোকাজানত দ্বিতীয় বাৰৰ বাবে দলীয় টিকট লাভ কৰি বিজেপি প্ৰাৰ্থী ডাঃ নোমোল মমিনে সমষ্টিত প্ৰবেশ কৰাৰ লগে লগে দলীয় কৰ্মী সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হয়।
 দেওবাৰে দলীয় কৰ্মী সমৰ্থকসকলে মটৰচাইকেল আৰু গাড়ীৰে মাঞ্জাৰ পৰা বোকাজানস্থিত বিজেপিৰ অস্থায়ী কাৰ্যালয়লৈ প্ৰায় ৫০ কিলোমিটাৰ পথ ৰেলী কৰি প্ৰাৰ্থীগৰাকীক আদৰি আনে।
ইয়াৰ পিছতে বিজেপি কৰ্মী আৰু সমৰ্থক সকলে নেতাগৰাকীক ফুলাম গামোচা, কাৰ্বি পহ’, কাৰ্বি জেকেটেৰে উষ্ম আদৰণি জনোৱা পৰিৰলক্ষিত হয়। নিৰ্বাচনত কেৱল সমষ্টিৰ উন্নয়নেই মূল লক্ষ্য বুলি মন্তব্য কৰে বিগত পাঁচ বছৰত সমষ্টিত যথেষ্ট উন্নয়ন মূলক কেমেৰে জনপ্ৰিয়তা অর্জন কৰা বিজেপিৰ প্ৰাৰ্থীজনে।
আনহাতে বিজেপিৰ পৰা টিকট নাপাই ক্ষুদ্ধ হৈ কংগ্ৰেছ দলত যোগদান কৰে প্ৰাক্তন মন্ত্ৰী চুম ৰংহাংক শুভেচ্ছা জ্ঞাপন কৰে নোমল মমিনে।
You might also like