নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীক সমালোচনা পাৱাৰৰ

প্রতিবাদী কৃষকৰ খবৰ ল’বলৈ সময় নাই

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ ৰাষ্ট্রীয়তাবাদী কংগ্রেছ পার্টী (এনচিপি)ৰ মুৰব্বী শাৰদ পাৱাৰ প্রধানমন্ত্রী মোদীৰ বিৰুদ্ধে আজি পুনৰ সমালোচনাত সৰৱ হৈছে৷ ঝাৰখণ্ডৰ ৰাঁচীত এক কার্যসূচীত অংশগ্রহণ কৰি পাৱাৰে উল্লেখ কৰে যে কৃষকৰ প্রতিবাদে ১০০ দিন অতিক্রম কৰিলে৷ কেন্দ্রীয় চৰকাৰৰ ভাতৃত্ববোধ স্থাপন কৰাৰ দায়িত্ব আছিল বুলি উল্লেখ কৰি পাৱাৰে কয় যে বিজেপিয়ে কেৱল দেশজুৰি সাম্প্রদায়িক বিষবাষ্পহে বিয়পাই আছে৷ প্রধানমন্ত্রী মোদীৰ দিল্লীত প্রতিবাদ কৰি থকা কৃষকসকলক লগ কৰাৰ সময় নাই, কিন্তু কলকাতালৈ গৈ পশ্চিমবংগ চৰকাৰৰ বিৰুদ্ধে গণ সমাৱেশত অংশ লোৱাৰ সময় আছে বুলিও কটাক্ষ কৰে পাৱাৰে৷ স্মর্তব্য যে দিল্লী সীমান্তত তিনি কৃষি আইন বাতিলৰ দাবীত হাজাৰ হাজাৰ কৃষকে প্রতিবাদ সাব্যস্ত কৰি থকাৰ ১০০ দিন অতিক্রম কৰিছে৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে কোনোদিনে প্রতিবাদী কৃষকসকলৰ ওচৰত থিয় হোৱা নাই৷ এই বিষয়টোক লৈ সৰৱ হৈ আছে বিৰোধী নেতাসকল৷ লক্ষণীয়ভাৱে কৃষকৰ সমস্যাক গুৰুত্ব নিদি নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত প্রচাৰ চলোৱাৰ বাবে প্রধানমন্ত্রী ব্যস্ত হৈ পৰা বুলিও পাৱাৰকে ধৰি কেইবাগৰাকীও নেতাই সমালোচনা কৰি আছে৷ আজি কলকাতাত এক বিশাল সমাৱেশত অংশগ্রহণ কৰিছে মোদীয়ে৷

You might also like