নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ চেল্ফি দলংৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনাঃ সুৰাসক্ত অৱস্থাত তীব্ৰ গতিত গাড়ী চলাই আহত দুই যুৱক, চূৰ্ণ বিচূৰ্ণ দুৰ্ঘটনাগ্ৰস্ত বাহন

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰ : বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত চিয়াজুলী পথৰ চেল্ফি দলঙৰ সন্মুখত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত, দুজন যুৱক গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত গাড়ী বিধস্ত হৈ পৰে। জানিব পৰামতে, লখিমপুৰৰ জনপ্ৰিয় লালপানীৰ চয়েলৰ বনভোজ স্থলীৰ পৰা তীব্ৰ গতিৰে বগীনদী অভিমুখে আহি থকা AS 01AY 7278 নম্বৰৰ ইণ্ডিগ গাড়ীখনে চেল্ফি দলংৰ সন্মুখৰ কেকুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খাৱৈত পৰি যায়। এই ঘটনাত গাড়ীখনত থকা চাৰিজন যুৱকৰ ভিতৰত উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চুকলিভৰীয়াৰ সুনীল চিন্তেৰ পুত্ৰ হিমাংশু চিন্তে আৰু গাড়ীখনৰ চালক টাউন বান্তৌৰ অমিত গগৈৰ পুত্ৰ দাৰ্শন গগৈ বুলি জানিব পৰা গৈছে।

আনহাতে গাড়ীখনত থকা আন দুজন আৰোহী যুৱকে ৰাইজ আৰু আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত ঘটনাস্থলীৰ পৰা পলায়ন কৰা জানিব পৰা গৈছে। স্থানীয় প্ৰত্যক্ষদৰ্শী ৰাইজে প্ৰকাশ কৰা তথ্য মতে, নগৰৰ পৰা অহা স্কুলীয়া ছাত্ৰৰ এটা দলে লালপানীৰ চয়েলত বনভোজ খাবলৈ অহাৰ অজুহাতত অকুণ্ঠ মদ্যপান কৰি আছিল। ইয়াৰ মাজতেই মদ শেষ হোৱাত দলটোৰ চাৰিজন যুৱকে বগীনদীৰ পৰা মদ ক্ৰয় কৰি আনিবলৈ AS 01AY 7278 নম্বৰৰ ইণ্ডিগ গাড়ীখন লৈ তীব্ৰ গতিৰে বগীনদী অভিমুখে আহি থকা, চেল্ফি দলঙৰ সন্মুখৰ কেকুৰীত নিয়ন্ত্ৰণ ৰাখিব নোৱাৰি গাড়ীখনৰ সৈতে আৰোহী যুৱক কেইজন ছিটিকি পথৰ কাষৰ খাৱৈত পৰি দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে, সৌভাগ্যক্ৰমে বিশেষ ক্ষয় ক্ষতি নোহোৱাকৈ যুৱককেইজন বাচি যায়, যদিও গাড়ীখন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। ইতিমধ্যে ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ আহত যুৱককেইজনক চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনো জব্দ কৰিছে।

You might also like