নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰি শালনাৰ ৰেকাপাহাৰত চোৰাং কাঠ জব্দ

নিয়মীয়া বাৰ্তা ২৭ অক্টোবৰঃ  নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মীৰ দলে যোৱা নিশা এক গোপন সুত্ৰৰ পম খেদি ৰেকাপাহাৰ অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই এখন গাড়ী সহ বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত এটা বন কৰ্মী দলে এক গোপন সুত্ৰৰ ভিৰ্ত্তিত যোৱা নিশা প্ৰায় ১০–৩০ মান বজাৰ পৰা ৰেকাপাহাৰ অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই ৷

পৰৱৰ্তী সময়ত কাৰ্বিআংলং লাংখাং দিশৰ পৰা চোৰাং কাঠ কঢ়িয়াই অনা এএছ ১২ ডি ৪ ৬ ৯ ৩ নম্বৰৰ ব’লেৰো পিকাপ গাড়ী খন বন কৰ্মীৰ দলটোৱে নিশা প্ৰায় ২ মান বজাত ৰেকাপাহাৰ অঞ্চলৰ পথত জব্দ কৰিবলৈ সক্ষম হয় ৷

আনহাতে আন্ধাৰৰ সুযোগ গ্ৰহন কৰি গাড়ী খনৰ চালক সহ চোৰাং কাঠ ব্যৱসায়ী পলায় যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে যোৱা নিশা বন বিভাগে গাড়ী সহ জব্দ কৰা মূল্যবান ৩৫ টুকুৰা বগীপমা ফান্ট্ৰা খিনিৰ বজাৰৰ মুল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা গাড়ী খনৰ সহ উক্ত চোৰাং কাঠখিনি বৰ্তমান শালনা বন কাৰ্যালয়ত ৰখোৱা হৈছে বুলি জানিব পৰা গৈছে।

You might also like