নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ ৩৯ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ – ৰাজ্যৰ থলগিৰি জনগোষ্ঠীৰ অন্যতম জনগোষ্ঠী বড়ো সকলোৰ স্বকীয় বৈশিষ্ট্যৰ বিধি ব্যৱস্থাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জনগোষ্ঠীটোৰ সামগ্ৰীক বিকাশৰ হকে কাম কৰি আহা সংগঠন বড়ো জাতীয় পৰিষদৰ বকো আঞ্চলিক সমিতিৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তূতি চলিছে। বড়ো সম্প্ৰদায়ৰ সামাজিক বিধি ব্যৱস্থাৰ ওপৰত কাম কাজ কৰি জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নতিৰ স্বাৰ্থত অহৰহ চেষ্টা চলাই থকা সংগঠনটোৰ দুই দিনীয়াকৈ বকোৰ লামপাৰাত অধিবেশনৰ আয়োজন কৰাৰ প্ৰস্তূতি চলিছে। বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ সভাপতি বিষ্ণু বসুমতাৰী আৰু সাধাৰণ সম্পাদক নিৰণ খাখলাৰীয়ে জনোৱা মতে এই বেলি বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ ৩৯ সংখ্যক বৰ্ষৰ অধিবেশন অনুষ্ঠিত হ’ব। ইফালে বড়ো জনগোষ্ঠীৰ সমুহীয়া স্বাৰ্থৰ বাবে কাম কৰা সকলো সংগঠনৰ নেতৃবৃন্দৰ সহযোগত আয়োজন কৰা হৈছে বকো আঞ্চলিক বড়ো জাতীয় পৰিষদৰ অধিবেশন খন। বড়ো জাতীয় পৰিষদৰ অধিবেশনৰ লগত সংগতি ৰাখি বহু কাৰ্য্যক্ৰমণিকা পৰিচালনা কৰা হ’ব। লগতে অহা ৮ আৰু ৯ এপ্ৰিলত আয়োজন কৰা অধিবেশনত জনগোষ্ঠীটোৰ সংগঠনটোৰ বাৰ্ষিক মুখপত্ৰ ” বখাস্থি ” প্ৰকাশৰ বাবে প্ৰস্তূতি চলিছে। বখাস্থি প্ৰকাশৰ বাবে জ্যেষ্ঠ্য বড়ো জাতীয় নেতা প্ৰফুল্ল কুমাৰ বড়োক সভাপতি আৰু শিক্ষক তথা প্ৰাক্তন সম্পাদক কমল চন্দ্ৰ বড়োক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰা হৈছে বখাস্থি প্ৰকাশক সমিতি খন। ইফালে বখাস্থিৰ সম্পাদক কমল চন্দ্ৰ বড়োই সদাশয় লিখকৰ পৰা অসমীয়া ; বড়ো আৰু ইংৰাজীত লিখনি বিচাৰি আবেদন নিবেদন কৰিছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like