নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত এবিভিপিৰ মহিলাৰ আত্মৰক্ষাৰ বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰ “মিছন সাহসী”

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ:  যোৱাকালিৰে পৰা ধুবুৰী ভোলানাথ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি)ৰ উদ্যোগত আৰম্ভ হৈছে মহিলা সকলৰ সুৰক্ষাৰ বাবে বিনামূলীয়া এক প্ৰশিক্ষণ শিৱিৰ “মিছন সাহসী”। অহা ২২ মাৰ্চলৈ দৈনিক বিয়লি ৩ বজাৰ পৰা ৪ বজালৈ হ’বলগীয়া এই শিৱিৰত মহিলাসকলক আত্মৰক্ষাৰ প্ৰশীক্ষণ প্ৰদান কৰা হ’ব। ছাত্ৰী-মহিলাকে ধৰি ১৪০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিৱিৰটোৰ যোৱাকালিৰ আনুষ্ঠানিক শুভ উদ্বোধন কাৰ্য্যসূচীত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডাঃ অংকুমনি শইকীয়া, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সন্ন্যাল, এবিভিপিৰ ধুবুৰী শাখাৰ উপ-সভাপতি নিৱেদিতা দেবনাথ মল্লিক আৰু ধুবুৰী শাখাৰ সম্পাদক অন্বেষা ভট্টাচাৰ্য্য প্ৰমুখ্যে এবিভিপিৰ স্থানীয় কাৰ্য্যকৰ্তা আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছিল।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী 

You might also like