নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰভাৱঃ কদৰ্য্য বকোৰ দৈনিক বজাৰত চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: কামৰূপ জিলাৰ বকোৰ দৈনিক বজাৰ দীৰ্ঘদিন ধৰি এক দুৰ্গন্ধময় পৰিবেশত চলি আহিছে।  এই বজাৰখন হৈছে বকো উন্নয়ণ খণ্ডৰ এলেকাৰ ১০ নং দক্ষিণ বকো গাঁও পঞ্চায়তৰ গাতে লাগি থকা দৈনিক বজাৰ। বকোৰ অতিকৈ ব্যস্ত আৰু জনসমাগম হোৱা দৈনিক বজাৰখনৰ কদৰ্য্য ৰূপে বাৰুকৈয়ে জলাকলা খুৱাইছে সাধাৰণ গ্ৰাহকক।

ইফালে চৰকাৰী ভাৱে অনুমোদিত মহলদাৰে খাজানাহে আদায় কৰে কিন্তু চাফ চিকুন নকৰে। আনহাতে বজাৰ খনত মাছ মাংস ; শাক পাচলি কিনা বেচা হয় যদিও পানীৰ ব্যৱস্থা নাই। নাই প্ৰশ্চাৱগাৰ আৰু শৌচাগাৰৰ ব্যৱস্থা।চৰকাৰী ভাৱে নিৰ্মিত প্ৰশ্চাৱগাৰ এটা আছিল যদিও সম্প্ৰতি প্ৰশ্চাৱগাৰ হৈ থকা নাই। বজাৰ খনত মুৰ্গী আৰু গাহৰী মাংসৰ দোকানী সকলে পথৰ ওপৰতে মাংস কাটি বিক্ৰি কৰা বাবে মাংসৰ তেজ আৰু পানীয়ে গ্ৰাহকক অতিষ্ঠ কৰি আহিছে।

এই বিষয়ে নিয়মীয়া বাৰ্তা ডিজিটেলত সবিষ্টাৰে বাতৰি প্ৰকাশ কৰা হৈছিল। যাৰ পাছতে কামৰূপ জিলাৰ বকোৰ এক অন্যতম সামাজিক, সাংস্কৃতিক তথা ক্ৰীড়া সংগঠন “বগাই”ৰ উদ্যোগত বৃহস্পতিবাৰে পুৱাৰ ভাগত বকোৰ দৈনিক বজাৰ আৰু মাছৰ বজাৰত চলোৱা হল চাফাই অভিযান। সংগঠনটোৰ বিষয়-ববীয়া আৰু সদস্য বৃন্দই হাতে হাতে ঝাড়ু, কোৰ,দাৰে চাফা কৰি ৰং লগাই নতুন কৰি তোলে কদৰ্যময় অৱস্থাত থকা বকোৰ মাছৰ বজাৰ।

প্ৰেৰক- বকোৰ পৰা বিষ্ণু ৰাম দাস আৰু প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like