নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ড; ১৫ হাজাৰ টকা জৰিমনা, ​​হেৰুৱাব পাৰে সংসদৰ সদস্যপদ

নিয়মীয়া বাৰ্তা, ২৩মাৰ্চ: কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে দিয়া এটা বক্তব্য এতিয়া তেওঁৰ বাবে সমস্যা হৈ পৰিছে। ২০১৯ চনত কৰ্ণাটকত নিৰ্বাচনী সভাত ভাষণ দি মোদী উপাধিৰ কথা উল্লেখ কৰি ৰাহুলে কয়, সকলো চোৰৰ উপাধি কিয় “মোদী”?

ৰাহুলৰ এই বক্তব্যৰ ওপৰত আজি (২৩ মাৰ্চ) আদালতে তেওঁক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহে। অৱশ্যে লগে লগে জামিন লাভ কৰে। আচলতে ৰাহুলৰ বিৰুদ্ধে অভিযোগ দিয়া বিজেপি বিধায়কজন আছিল পূৰ্ণেশ মোদী। তেওঁ অভিযোগ কৰিছিল যে ২০১৯ চনত ৰাহুল গান্ধীয়ে নিৰ্বাচনী সভাত ভাষণ দি থাকোঁতে “সকলো চোৰৰ উপাধি কেনেকৈ মোদী” বুলি কৈ সমগ্ৰ মোদী সম্প্ৰদায়ক বদনাম কৰিছিল।

ৰাহুলে দিয়া এই বক্তব্যৰ পিছত গুজৰাটৰ চুৰাট আদালতত বিষয়টোক ওপৰত গোচৰ চলিল। অৱশেষত আজি তাৰ ৰায় প্ৰদান কৰে। ইয়াৰোপৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে ১৫ হাজাৰ টকাৰ জৰিমনা বিহিছে আদালতে।

You might also like