নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁও জিলাৰ যোগীঘোপাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ট্ৰাকৰ খুন্দাত নিহত মটৰ চাইকেল আৰোহী

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ   যোগীঘোপাৰ চলন্তাপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা ।

উত্তৰ শালমাৰাৰ পৰা যোগীঘোপা অভিমুখে আহি থকা এ এছ ১৭ বি ৪৭৭০ নম্বৰৰ ট্ৰাকে মটৰ চাইকেল এখনক মহতীয়াই নিয়ে । ফলত মটৰ চাইকেল আৰোহী যোগীঘোপাৰ চটপাৰাৰ জহিৰুল ইছলাম(২৬) মৃত্যু হয় ।

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ইতিমধ্যে যোগীঘোপা আৰক্ষীয়ে আটক কৰে

You might also like