নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেলীত গ্ৰন্থ উন্মোচনী সভা

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনেশ্বৰ কলিতাই শিক্ষয়িত্ৰী ড° ৰূপজ্যোতি দত্তৰ শিক্ষাৰ্থী উপযোগী গ্ৰন্থ “বুনিয়াদী ব্যাকৰণ” গ্ৰন্থখন উন্মোচন কৰে। সভাখনৰ আৰম্ভণিতে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছপিয়া বেগমে বন্তি প্ৰজ্বলন কৰে। সভাত উপস্থিত থাকে কবি, লেখক ৰাজীৱ চহৰীয়া। নেলী চৰকাৰী মজলীয়া বিদ্যালয়ত অনুষ্ঠিত সভাখনত নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক প্ৰদীপ কুমাৰ বৰদলৈ, পৰিচালনা সমিতিৰ সভাপতি মাইনুল হকে ভাষণ আগবঢ়ায়। নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু লেখিকা ড° ৰূপজ্যোতি দত্তই আঁতধৰা সভাখনত সাধন শৰ্মা, ৰামসিং দেওৰজা, ধৰিত্ৰী পাতৰ, ভাগ্যশ্ৰী কটকী, ৰাজশ্ৰী চহৰীয়া প্ৰমুখ্যে নেলী চৰকাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে দৰাপানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সীমা দত্ত, নেলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী বিভাবালা বৰদলৈ, নেলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আছমিনাৰা বেগম, শিক্ষয়িত্ৰী গহিত্ৰী দাস, শিক্ষক ধ্ৰুৱজ্যোতি কলিতা, শিক্ষয়িত্ৰী সাধনা বৰ্মন ডেকা, জ্যোতিকা দেৱী চৌধুৰী, নিৰ্মালী বিশ্বাস, জ্যোতি হাজৰিকা, ১ নং গোপাল কৃষ্ণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মনামী দে, মকৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিতুমণি ডেকা, নেলী ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মানসী শৰ্মা ভট্ট আৰু স্বপ্নালী শৰ্মা উপস্থিত থাকে। বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে গীত,নৃত্য পৰিৱেশন কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like