নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাসৰ জলঙাৰে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়

- দেৱজিৎ শর্মা কাকতি

স্বকীয় বৈশিষ্ট্য৷ স্বকীয় বৈশিষ্ট্য হৈছে নিজা বৈশিষ্ট্য বা বিশেষত্ব বা বিশিষ্টতা৷ এনে স্বকীয় বিশিষ্টতা ৰক্ষা কৰি কিছু অনুষ্ঠান–প্রতিষ্ঠানৰ্ পৰা আৰম্ভ কৰি ব্যক্তিগত বিশেষ কিছু দিনত উদ্যাপন কৰা হয় উৎসৱ৷ যাক বুলিব পাৰি জয়ন্তী৷ পঁচিশ বছৰত পতা উৎসৱ হৈছে ৰূপালী জয়ন্তী৷ পঞ্চাশ বছৰত উপনীত হোৱা উৎসৱ হৈছে সোণালী জয়ন্তী৷ ঠিক তেনেদৰে আহে হীৰক জয়ন্তী৷ ৬০ বছৰ পূর্ণ হ’লে উদ্যাপন কৰা হয় ডায়মণ্ড অর্থাৎ হীৰক জয়ন্তী৷ হঠাৎ এনেবোৰ জয়ন্তী নাহে৷ আহে একো একোটা বছৰ বাগৰিহে, তাকো হ’ব লাগে উজ্জ্বল বছৰ৷ বর্তমানে হীৰক জয়ন্তীৰ দিশে আগবাঢ়িছে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়৷ অসমৰ দ্বিতীয়খন অভিযান্ত্রিক মহাবিদ্যালয়৷ যিখন কলেজ স্থাপন হৈছিল ১৯৬০ চনত৷ কলেজখনৰ অৱস্থান যোৰহাটৰ গড়মূৰ অঞ্চলত৷ যোগাত্মক দৃষ্টিৰে ক’ব পাৰি অভিযান্ত্রিক মহাবিদ্যালয় হিচাপে যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ বৃহৎ ভূমিকা আছে৷ মহাবিদ্যালয়খনত সংযোজিত হ’ল বিভিন্ন কাৰিকৰী বিভাগ, বৃদ্ধি হ’ল শিক্ষার্থী, বাঢ়িল হোষ্টেলৰ সংখ্যা আদি৷ এক ভাবিব নোৱাৰা যোগাত্মক পৰিৱর্তন৷ আদর্শ হৈ পৰিল এইখন কলেজ৷ কলেজখনত মূল পাঠ্যক্রম হিচাপে আছে চিভিল, মেকানিকেল, ইলেকট্রিকেল, ইনষ্ট্রুমেনটেশ্বন, কম্পিউটাৰ ছায়েঞ্চ৷ আৰু আছে স্নাতকোত্তৰ পাঠ্যক্রম আৰু ২০১৩ চনত (জনা মতে) খোলা হৈছে পিএইচডি পাঠ্যক্রম৷ মুঠ বর্তমান আনুমানিক ছাত্র–ছাত্রীৰ সংখ্যা প্রায় ১,৫০০৷ দেশ, বিদেশত বর্তমান প্রায় ১০,০০০ অভিযন্তা কর্মৰত৷ মানৱ সম্পদ হিচাপে পৃথিৱীৰ চাৰিওফালে বিয়পি পৰিছে এইখন কলেজৰ পৰা উত্তীর্ণ হোৱা দক্ষ অভিযন্তা৷ নিজ দেশৰ উপৰি বিদেশত থকা এলাম্নি এছ’চিয়েচন৷ অভিলেখ গঢ়িছে এইখন কলেজে৷ কলেজৰ সন্মুখত আছে এটি মৰমৰ পুখুৰী৷ বহু আমোদজনক ঘটনাই মনত দোলা দি থাকে৷ হৈ পৰোঁ নষ্টালজিক৷ আমোদজনক ঘটনা আৰম্ভ হয় কলেজত প্রথম খোজ দিয়া মাত্রেই৷ যিটো অভিজ্ঞতা মোৰ হৈছিল৷ এই আমোদজনক ঘটনা ঘটা দেখা যায় ৰেগিং আৰম্ভ হোৱাৰ দিনৰ পৰাই৷ আমি জানো প্রথম হোষ্টেলত খোজ দিয়াৰ অভিজ্ঞতা আৰম্ভ হয় ৰেগিঙেৰে৷ হোষ্টেলৰ এক উল্লেখনীয় নাম হৈছে ৰেগিং৷ প্রায়বোৰ হোষ্টেল বা কলেজত হোৱা সেই ভয়ংকৰ শব্দ ৰেগিং৷ আমাৰ হোষ্টেলৰ ছিনিয়ৰসকলক সম্বোধন কৰা হয় দাদা৷ এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল হ’ব বুজাবুজিৰ কাৰণে ৰেগিং প্রয়োজন৷ ভাল অর্থত বা যোগাত্মক দৃষ্টিভংগীৰে৷ যা হওক দেখা যায় প্রায়বোৰ যুবক–যুৱতীয়ে ৰেগিঙৰ পিছতেই মুকলিমূৰীয়াকৈ আৰম্ভ কৰিব পৰা হয় মুক্ত জীৱন৷ যিসকলে জীৱনত নিজৰ মীমাংসাৰে আগবাঢ়ে ভাল–বেয়া বিচাৰ কৰিবলৈ৷ তেওঁলোকে এৰি থৈ আহে এখন ঘৰ৷ দেউতাক–মাকে আৱৰি ৰখা এখন মৰমৰ ঘৰ৷ বিভিন্ন দিশ চালিজাৰি চাই ক’ব পাৰি ভাল–বেয়া বিচাৰ কৰি খোজ দিব পৰা হয়৷ হয় তেনেকুৱা এটা মুক্ত জীৱন উপভোগ কৰিব পৰা হয় যি মুহূর্তত বিদায় পর্ব হয় ৰেগিঙৰ৷ সেইদিনা পতা হয় নৱাগত আদৰণী সভা৷ সেইদিনা যেন স্বীকৃতি পায় নৱাগতসকলে৷ সেইদিনা মনৰ পৰা আঁতৰি যায় সেই ভয়ংকৰ শব্দ ৰেগিং৷ তেনেকৈয়ে আমাৰ দিনতো এদিন শেষ হৈছিল ৰেগিং৷ অভিযান্ত্রিক মহাবিদ্যালয়ৰ গৌৰৱময় মুহূর্তত মোৰ মনত পৰিল এটি ঘটনা৷ হোষ্টেলত প্রথম খোজ দিওঁতেই এজন দাদাৰ নির্দেশমর্মে মূৰত বেডিং মানে হলদললৈ চিঞৰি ক’ব দিছিল – ‘মই হ’ম কলেজৰ দাদা–ৰেগিং কৰি লাগে মজা–টাউনৰ দিপলিপ ছোৱালীক কৰিম মই কব্জা৷ হা…হা…হা…’৷ এতিয়াও মনত দোলা দি থকা আমোদজনক ৰেগিং৷ প্রথম দিনাই৷ দিন বাগৰিল৷ বছৰ বাগৰিল৷ যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় আকর্ষণীয় পর্যায়ত উপনীত হ’ল৷ দায়িত্ব কলেজখনৰ বৌদ্ধিক উত্তৰণ ঘটোৱা, প্রতিজন ছাত্র–ছাত্রীক ইতিবাচক দৃষ্টিভংগীৰে সমাজত একো একোজন দক্ষ অভিযন্তা গঢ়ি তোলাত৷ যাতে অভিযন্তাসকল হৈ পৰে অলংকাৰ খটোৱা মূল্যৱান পাথৰৰ দৰে৷ বর্তমানে দীপ্তিমান আমাৰ মৰমৰ যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়৷ দীপ্তিমান আন উচ্চ পর্যায়ৰ কাৰিকৰী মহাবিদ্যালয়ৰ দৰে৷ এইখিনিতে এটি অসাধাৰণ ব্যক্তিত্বৰ এজন কৃতী শিক্ষকৰ কথা স্বীকাৰ কৰিবই লাগিব৷ এটা কথা মনত ৰখা উচিত যিকোনো আৰম্ভণিত আগকথা বা পাতনি থাকে৷ প্রৱেশ পৰীক্ষা উত্তীর্ণ হ’লোঁ, তাৰ পিছত প্রৱেশানুমতি প্রদান কৰে এক নির্দিষ্ট দিনত৷ সেয়েহে আৰম্ভ হ’ল যাত্রা৷ সেই নির্দিষ্ট দিনত৷ সেই নির্দিষ্ট দিনত কলেজ অডিটৰিয়ামত বহি থাকে কেইবাজনো প্রফেছৰ৷ উদ্দেশ্য নামভুক্তকৰণ অর্থাৎ পঞ্জীয়ন৷ নাম, সম্পূর্ণ ঠিকনা, দেউতাকৰ নামৰ পৰা আৰম্ভ কৰি, ৰোল নম্বৰ, হোষ্টেল অর্থাৎ আৱাসগৃহৰ নম্বৰ আদি নৱাগতজনক দিয়া হয়৷ এক কথাত স্বীকৃত তথ্য data) দাঙি ধৰা হয় সেইদিনা৷ তেনেকুৱা এখন টেবুলত বহি থকা দেখিছিলোঁ এজন প্রফেছৰ৷ পিছত দেখিছিলোঁ তেখেতৰ চমৎকাৰ অসাধাৰণ মস্তিষ্ক৷ ক’ব পাৰি ছুপাৰ কম্পিউটাৰ৷ তেতিয়াৰ দিনত এই কাৰণেই ছুপাৰ কম্পিউটাৰ কাৰণ সেই বিশেষ মস্তিষ্কৰ ব্যক্তিজনে পেনেলত বহি থাকি সকলোৰে নাম, সম্পূর্ণ ঠিকনা, ৰোল নম্বৰ, হোষ্টেল নম্বৰ আদিবোৰ মগজুত সলসলীয়াকৈ সোমাই যায়৷ পিছদিনাৰ পৰা আৰম্ভ হয় তেখেতৰ সেই চমকপ্রদ খেল৷ তেখেতৰ নিজা বিভাগৰ উপৰি আন বিভাগৰ ছাত্র–ছাত্রীসকলোৰে৷ হাজাৰ হাজাৰ ছাত্র–ছাত্রীৰ স্বীকৃত তথ্য তেখেত থকা দিন ধৰি তেখেতৰ জিভাৰ আগত৷ নেদেখিলে বিৱৰণ দিয়াত অসুবিধা৷ ক্লাছ শেষ হোৱাৰ পিছত হিচাপ লোৱাটো তেখেতৰ নিয়ম আছিল৷ এইখিনিতে তেখেতৰ বিস্ময়কৰ আৰু এটা দিশ দেখা পাইছিলোঁ৷ যিকেইজন ছাত্র অনুপস্থিত তেওঁলোকৰ ৰোল নম্বৰ সলসলীয়াকৈ মাতি ছাৰ আঁতৰি গৈছিল আন এটা ক্লাছলৈ৷ এইটো তেখেতৰ আন ক্লাছতো হোৱা সাধাৰণ ঘটনা৷ বজাৰৰ লিষ্টখনকে মনত ৰাখিব নোৱৰা আমিবোৰে ভেবা লাগি চাই থাকোঁ৷ ইও সম্ভৱনে? হীৰক জয়ন্তীৰ দিনা সেইজন অসাধাৰণ মস্তিষ্কৰ ছাৰক পৰিচয় কৰাই দিব বিচাৰিছো পাঠকসকলক৷ তেখেত আমাৰ শ্রদ্ধাৰ প্রফেছৰ শশী মহন্ত ছাৰ৷

You might also like