নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ১ আহত ২

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ জোনাইত আজি পুৱা এক ভয়ঙ্কৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন বলেৰ আৰোহী আহত দুজন৷ জোনাইৰ বাহিৰ জোনাই তিনিমাইল যোৱা পথত দুৰ্ঘটনাটো সংঘটিত হয়৷ নিহত বলেৰ আৰোহীজন জোনাইৰ আগাম দলুং গাঁৱৰ স্বৰ্গীয় মুকুতা বৰিৰ পুত্ৰ ৰাম চন্দ্ৰ বৰি(৫৮)| দুৰ্ঘটনাটোত আহত দুজন হৈছে গোলাঘাট জিলাৰ আমটেঙা আৰক্ষী থানাৰ অন্তৰ্গত বালিজান গাঁৱৰ স্বগীয় পূৱাৰ পেগুৰ পুত্ৰ নিৰঞ্জন পেগু (৭৮) আৰু বোকাখাট আৰক্ষী থানাৰ অন্তৰ্গত পলাশগুৰি গাঁৱৰ ধনবাপু বৰিৰ পুত্ৰ স্বৰ্গীয় বীনাকান্ত বৰি(৬৫) ৷ আহত দুজনক উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে জোনাই আগাম দলুং গাঁৱৰ নিহত ৰাম বৰিৰ আজি পিতৃৰ শ্ৰাৰ্দ্ধ নিয়ম আনুযায়ী তিনিমাইল ঘাটত পুৱাই গা ধুই ঘূৰি অহাৰ পথত বাহিৰ জোনাই এখন দুলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত হয় ৷ মৃত লোকজনক মৰনোত্তৰ পৰীক্ষাৰ কাৰণে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ জোনাই আৰক্ষীয়ে ঘটস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷

You might also like