নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত জি-২০ সন্মিলনঃ আৰ্থিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে দেশ সমূহে একেলগে কাম কৰাৰ লক্ষ্য!

  • আৰ আই আই জি কনফাৰেন্স অন চাৰ্কুলাৰ বায়’-ইকনমি
  • শূন্য আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে জ্ঞান!

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সহযোগিতাৰ বাবে বিশ্বৰ এক অগ্ৰণী মঞ্চ জি-২০ সন্মিলন অনুষ্ঠিত হৈছে।সমগ্ৰ ডিব্ৰুগড়তে এতিয়া বিশ্বৰ ২০ খন সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ভৰি পৰিছে।অসমৰ দৰে ৰাজ্য এখনত তদুপৰি ডিব্ৰুগড়ত এনে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰাটো অতি আশাব্যঞ্জক আৰু সুখৰ খবৰ বুলিও বিবেচিত হৈছে।আজি পুৱা চাহ নগৰী ডিব্ৰুগড়ৰ সেউজীয়া চাহ বাগিচাৰ মাজত থকা বিলাসী মনোহাৰী ৰিৰ্জটত পুৱা ৮-৪৫ বজাৰ পৰা অনুষ্ঠিত হয় জি-২০ৰ গৱেষণা আৰু উদ্ভাৱন উদ্যোগ সংগ্ৰহ (আৰআইআইজি) সন্মিলন।য’ত জি-২০ৰ সদস্য, অতিথি দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিনিধি আৰু আমন্ত্ৰণ জনোৱা অতিথি দেশৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে।

আজি ডিব্ৰুগড়ত জি-২০ ৰিচাৰ্চ এণ্ড ইনোভেচন ইনিচিয়েটিভ গেদাৰিং (আৰ আই আই জি) সন্মিলন অনুষ্ঠিত হয়। জি-২০ৰ সদস্য দেশ, অতিথি দেশ, আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ লগতে বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতিনিধিসকলে একত্ৰিত হৈ এক বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ-অৰ্থনীতি গঢ়ি তোলাৰ উপায়সমূহৰ বিষয়ে আলোচনা আৰু অন্বেষণ কৰে। মুঠ ১০৩ জন অংশগ্ৰহণকাৰী, ২৬খন দেশৰ ৫৬ জন বিদেশী প্ৰতিনিধি এই সন্মিলনত উপস্থিত আছিল।বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক ড০ এছ চন্দ্ৰশেখৰৰ নেতৃত্বত অনুষ্ঠিত এই সন্মিলনৰ লক্ষ্য আছিল পৰিকল্পনা, নতুন কাৰ্যসূচী স্থাপন আৰু কৃষি, উদ্যোগৰ কাৰ্বনাইজেচন, জৈৱ শক্তি, আৰু জৈৱসম্পদ ব্যৱস্থাপনা। ড০ এছ চন্দ্ৰশেখৰে কয় যে জি-২০ আৰ আই আই জি কনক্লেভ জনসাধাৰণক শূন্য আৱৰ্জনা ব্যৱস্থাপনাৰ গুৰুত্বৰ বিষয়ে জ্ঞান দি বহনক্ষম ভৱিষ্যতৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত আৰু এই সমাৱেশৰ লক্ষ্য আছিল অনুষ্ঠানৰ বিষয়বস্তু সুন্দৰকৈ ফ্ৰেমৱৰ্ক কৰা আৰু আৱৰ্জনা হ্ৰাস কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মানুহক অনুপ্ৰাণিত কৰা আৰু আমাৰ গ্ৰহটোক সংৰক্ষণ কৰা।বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ সচিব ড০ ৰাজেশ এছ গোখলেই কয় যে এই সন্মিলনৰ লক্ষ্য আছিল পৰিকল্পনা, নতুন কাৰ্যসূচী স্থাপন, আৰু কৃষিৰ সৈতে জড়িত বৰ্তমানৰ কাৰ্যসূচী পৰিচালনাৰ বাবে দায়বদ্ধ মূল অভিনেতাসকলক একত্ৰিত কৰা, ডি -উদ্যোগ, জৈৱ শক্তি, আৰু জৈৱসম্পদ ব্যৱস্থাপনাৰ কাৰ্বনাইজেচন।এই মতবিনিময় অনুষ্ঠানটো আছিল মানুহ, নীতি, আৰু স্থানকে ধৰি সকলো মূল অংশীদাৰৰ মাজত সক্ৰিয়ভাৱে জড়িত হোৱাৰ সুবিধা প্ৰদান কৰা। এইটো এটা অন্তৰ্ভুক্ত নীতি নিৰ্ধাৰণ পদ্ধতিক প্ৰসাৰিত কৰিবলৈ কৰা হৈছিল যিয়ে বিভিন্ন খণ্ডৰ বৃত্তাকাৰ জৈৱ-অৰ্থনীতিৰ আৰ্হিসমূহক মূলসুঁতিলৈ অনাৰ বাবে এক ধাৰণাগত কাঠামো প্ৰদান কৰে।জি-২০ৰ সদস্য আৰু অংশীদাৰসকলৰ মাজত সহযোগিতা আৰু অংশীদাৰিত্বক প্ৰসাৰিত কৰি এই সন্মিলনৰ লক্ষ্য হৈছে অধিক বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ-অৰ্থনীতিৰ দিশত বিশ্বব্যাপী প্ৰচেষ্টা শক্তিশালী কৰা বুলি ড০ এছ চন্দ্ৰশেখৰে জনায়।

আজি এই সন্মিলনখন চাৰিটা অধিবেশনত বিভক্ত কৰা হয়, য’ত আছিল কৃষি: প্ৰত্যাহ্বান আৰু সুযোগ, ডিকাৰ্বনাইজেচনৰ দিশত উদ্যোগ, জৈৱ-শক্তি, আৰু জৈৱ-সম্পদ ব্যৱস্থাপনা। যিহেতু, জি-২০ ৰ মূল নীতিয়েই হৈছে এখন পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যত।আৰ্থিক সুস্থিৰতা আৰু উন্নয়নৰ বাবে দেশ সমূহে একেলগে কাম কৰাৰ লক্ষ্য। বিশ্ব অৰ্থনীতিৰ, আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ সুস্থিৰতা, জলবায়ু পৰিৱৰ্তন, বহনক্ষম উন্নয়নক লৈ বদ্ধপৰিকৰ বিশ্বৰ এই শক্তিশালী মঞ্চ জি-২০,কৃষিখণ্ডৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা সন্দৰ্ভত মূল বিষয় তথা বাণিজ্য, জলবায়ুৰ সুৰক্ষা, উদ্যোগীকৰণ, উন্নয়ন, আৰ্থিক, সামাজিক, শৈক্ষিক, উদ্যোগিক, জলবায়ু আদি সকলো দিশতেই জি-২০ৰ প্ৰভাৱ পৰিব বুলি আশা কৰিব পাৰি।সদস্যৰাষ্ট্ৰ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, জাৰ্মানী, ফ্ৰান্স, ভাৰত, ইণ্ডোনেচিয়া, ইটালী, জাপান, কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সহ ৯ খন অতিথি ৰাষ্ট্র আৰু আমন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধি ক্ৰমে বাংলাদেশ, ইজিপ্ত,মৰিছাছ,নেণ্ডাৰলেণ্ড, নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন আৰু ইউ এ ই’ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি নিজৰ নিজৰ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে।আনহাতে আজি সন্ধিয়া বগীবিলৰ ব্ৰহ্মপুত্ৰৰ নৈৰ্শগিক পৰিৱেশত নৈশভোজৰ (Gala Dinner) আয়োজন কৰা হয়।য’ত বিদেশ ৰাষ্ট্ৰৰ প্ৰতিনিধি সকলে বিশাল মহাবাহুৰ সুভাপান কৰাৰ লগতে এচিয়াৰ সৰ্ব্ববৃহৎ বগীবিল দলঙৰ মনোমহা দৃশ্য উপভোগ কৰিবলৈ সক্ষম হয়।নিশাৰ ভাগত জি-২০ৰ সদস্য সকলে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক অনুস্থান উপভোগ কৰি আপ্লুত হৈ পৰে।স্বাভাৱিকতে এই জি-২০ সন্মিলনে অসমৰ আৰ্থ-সামাজিক দিশত ভবিষ্যতে কিধৰণৰ প্ৰভাৱ পেলাব সেয়া লক্ষনীয় হৈ পৰিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like