নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

JNUৰ নাম সলনি কৰি ৰাখিব লাগে স্বামী বিবেকানন্দ বিশ্ববিদ্যালয়, প্ৰতিক্ৰিয়া

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ বিজেপিৰ মহাসচিব তথা কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী চিটি ৰবিয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্য়ালয়ৰ নাম সলনি কৰি স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় কৰাৰ বাবে আবেদন জনাইছে কেন্দ্ৰীয় চৰকাৰক। কালি এটা টুইটযোগে চি টি ৰবিয়ে কয় এনেদৰে- ‘স্বামী বিবেকানন্দ ভাৰতীয় বিচাৰধাৰাৰ বাবে থিয় হৈছিল।

তেওঁৰ দৰ্শন আৰু মূল্যই ভাৰতৰ শক্তিৰ উমান দিয়ে। এয়া উচিত হ’ব যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি স্বামী বিবেকানন্দ কৰা হওক।’ উল্লেখ্য, গোৱা, মহাৰাষ্ট্ৰ আৰু তামিলনাডুৰ প্ৰভাৰীৰ দায়িত্বত থকা চি টি ৰবিয়ে কৰা মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছকে ধৰি জেএনইউৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে।

জেএনইউৰ এগৰাকী ছাত্ৰ ছোনী ধীমানে কয় যে বিশ্ববিদ্যালয়খনে এক ইতিহাস, বিজেপিয়ে আচলতে জেএনইউৰ দৰে বিশ্ববিদ্যালয় প্ৰতিখন ৰাজ্যতে স্থাপন কৰিব লাগে।

You might also like