‘বিটিআৰে বড়োক সুৰক্ষিত নকৰে’
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ নিয়মীয়া বার্তা, শ্রীৰামপুৰ, ২১ আগষ্ট ঃ বিটিচিৰ ৫ নম্বৰ চৰাইবিল সমষ্টিৰ বি পি এফৰ প্রার্থী মৃত্যুঞ্জয় নার্জাৰীৰ হৈ এন ডি এফ বিৰ শীর্ষ নেতাদ্বয় সুগ্রেব বডো আৰু হাৰিমু দৈমাৰীয়ে ব্যাপক প্রচাৰ চলাই ইউ পি পি এলৰ সভাপতি প্রমোদ বডোক তীব্র সমালোচনা কৰে৷ চৰাইবিল সমষ্টিৰ ভূটান সীমান্তৱর্তী অমৃতপুৰ, পোকালাগী, কুসুমবিল আদি অঞ্চলত আয়োজন কৰা বি পি এফৰ প্রচাৰ সভাত এন ডি এফ বিৰ প্রাক্তন শীর্ষ নেতা সুগ্রেব বড়োৱে কয়, ‘এন ডি এফ বিৰ ৩৪ বছৰীয়া কঠোৰ সংগ্রামক নস্যাৎ কৰি এবছুৰ প্রাক্তন সভাপতি তথা বর্তমানে ইউ পি পি এলৰ সভাপতি হৈ প্রমোদ বড়ো নিজৰ ৰাজনৈতিক স্বার্থ চৰিতার্থ কৰাৰ বাবে দিল্লীৰ কূটনীতিৰ ওচৰত সেও মানি এতিয়া পৃথক ৰাজ্যৰ দাবী পাহৰি নিজে এতিয়া বি টি আৰৰ চীফ হ’বলৈ উঠিপৰি লাগিছে৷
এবছুৰ নেতা হৈ ডিভাইড অসম ফিফ্টি ফিফ্টিৰ শ্লোগান দিয়া একালৰ ছাত্র নেতাই এতিয়া বিটিচিৰ শাসন কুক্ষিগত কৰাৰ বাবে উঠিপৰি লাগিছে৷ এন ডি এফ বিৰ কঠোৰ আৰু প্রায় চাৰি দশকৰ অবিচল সংগ্রামৰ ফলস্বৰূপে বি টি আৰ চুক্তি হ’ল যদিও এই চুক্তিৰ দ্বাৰা বডো ৰাইজৰ অধিকাৰ আৰু এন ডি এফ বিয়ে দাবী কৰি অহা বিষয়সমূহৰ সমাধান নহ’ব৷ এই চুক্তিৰ দ্বাৰা ৰাজনৈতিক নেতাসকলৰহে লাভ হ’ব’ বুলি কয় এন ডি এফ বিৰ প্রাক্তন নেতাগৰাকীয়ে৷ এন ডি এফ বিক হাইজেক কৰি প্রমোদ বডো ৰাজনীতিত নামিছে৷ এন ডি এফ বিৰ সপোন পূৰণ কৰিব পৰা নাই বি টি আৰ চুক্তিয়ে৷ প্রমোদ বড়োৰ চতুৰালি ধৰা পৰাত এন ডি এফ বিৰ ৮০ শতাংশ নেতা–সদস্য
এতিয়া হাগ্রামা মহিলাৰীৰ পক্ষত থিয় দিছে আৰু হাগ্রামাক পুনৰ বিটিচিৰ শাসন ক্ষমতাত আনিবলৈ ৰাইজৰ সমর্থন বিচাৰি এন ডি এফ বিয়ে এনেদৰে প্রচাৰ চলাই আছে৷ চৰাইবিল সমষ্টিৰ বড়ো অধ্যুষিত অঞ্চলত এন ডি এফ বিৰ প্রচাৰে ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এন ডি এফ বি সদস্যসকলে বি পি এফৰ হৈ প্রচাৰ চলোৱাত ইউ পি পি এল দলৰ বড়ো ভোটাৰৰ অংকত আউল লাগিব বুলি কয় হাৰিমু দৈমাৰীয়ে৷ চৰাইবিল সমষ্টিৰ ভাৰত–ভূটান সীমান্তৱর্তী অমৃতপুৰ আৰু পোকালাগীত বি পি এফৰ চৰাইবিল ব্লক কমিটীৰ সভাপতি বিল্লা কুমাৰ ব্রহ্মৰ সভাপতিত্বত পৰহি অনুষ্ঠিত প্রচাৰ সভাত প্রার্থী মৃত্যুঞ্জয় নার্জাৰী, বি পি এফ দলৰ উপ–সভাপতি শোভাৰাম বসুমতাৰী, যুৱ বি পি এফৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি নৰপতি ব্রহ্ম তথা স্থানীয় নেতৃবর্গই অংশ লয়৷ প্রমোদ বড়োক এগৰাকী স্বার্থপৰ নেতা বুলি অভিহিত কৰে এন ডি এফ বিৰ প্রাক্তন নেতাদ্বয়ে৷