নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশত বিপর্যয়

দানৱীয় অস্ত্রৰ প্রতিযোগিতাই অকল পৃথিৱীলৈয়ে ভাবুকি কঢ়িয়াই অনা নাই৷ সমগ্র বিশ্বব্রহ্মাণ্ড মানুহৰ হিংস্রতাৰ সন্মুখীন হ’ব পাৰে৷ সেই কথাকে শেহতীয়াকৈ প্রমাণ কৰি দিছে ৰাছিয়াই৷ মহাকাশত ৰাছিয়াই সৃষ্টি কৰা বিপদৰ বাবে ত্রাহি মধুসূদন সুঁৱৰিব লগা হৈছে আন্তর্জাতিক মহাকাশ আস্থানৰ মহাকাশচাৰীসকলে৷ প্রাণৰক্ষা কৰিবলৈ পৃথিৱীৰ কক্ষপথত থকা আন্তর্জাতিক মহাকাশ আস্থান এৰি মহাকাশচাৰীসকলে আশ্রয় ল’বলগীয়া হয় পৃথিৱীলৈ ওভতাৰ বাবে প্রতীক্ষাৰত মহাকাশযানত৷ অতি গোপনে ৰাছিয়াই ভূ–পৃষ্ঠৰ পৰা মহাকাশলৈ নিক্ষেপ কৰিছিল শক্তিশালী ক্ষেপণাস্ত্র৷ সোমবাৰে কম সময়ৰ বিৰতিত চাৰিটাকৈ শক্তিশালী ক্ষেপণাস্ত্র নিক্ষেপ কৰি ৰাছিয়াই কঢ়িয়াই আনে কল্পনাতীত বিপর্যয়৷ এই ক্ষেপণাস্ত্রৰ আঘাতত পৃথিৱীৰ কক্ষপথত থকা এটা কৃত্রিম উপগ্রহ কেইমিনিটমানৰ ভিতৰতে চূর্ণ–বিচূর্ণ হয়৷ চল্লিছ বছৰীয়া কৃত্রিম উপগ্রহ ভাঙি ইয়াৰ বিভিন্ন অংশ চৌদিশে ছিটিকি পৰে মহাকাশত৷ উপগ্রহৰ ছিটিকি পৰা টুকুৰবোৰে পৃথিৱীক প্রদক্ষিণ কৰিবলৈ ধৰে ঘণ্টাত ২৭,৫০০ কিলোমিটাৰ গতিবেগত৷ আৰু মাত্র এটা ক্ষেপণাস্ত্রৰ আঘাতত ধ্বংস হ’লহেঁতেন আন্তর্জাতিক মহাকাশ আস্থান৷ জ্বলি ছাই হৈ গ’লহেঁতেন পৃথিৱীৰ কক্ষপথত থকা মহাকাশ আস্থান৷ হিউষ্টনস্থিত আমেৰিকান মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ নিয়ন্ত্রণ কক্ষৰ পৰা খবৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে মহাকাশ আস্থানৰ মহাকাশচাৰীসকলৰ মাজত৷ প্রাণৰক্ষা কৰিবলৈ মহাকাশ আস্থানত থকা সাতগৰাকী মহাকাশচাৰীয়ে পৃথিৱীলৈ ওভতাৰ বাবে ৰৈ থকা যান এখনত আশ্রয় লয়৷ ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ‘ৰছকছমছ’ৰ উপগ্রহ বিধ্বংসী পৰীক্ষাৰ পৰিণতি এয়া৷ চাৰি দশক পূর্বে ৰাছিয়াই ‘কছমছ ১৪০৮’ নামৰ কৃত্রিম উপগ্রহ এটা প্রেৰণ কৰিছিল পৃথিৱীৰ কক্ষপথলৈ৷ পৃথিৱীৰ বিভিন্ন দেশৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ বাবে এই উপগ্রহটো প্রেৰণ কৰা হৈছিল৷ পৰৱর্তী সময়ত ই অচল হৈ পৰে৷ গতিকে, ইয়াক ধ্বংস কৰাৰ সিদ্ধান্ত লয় ৰাছিয়াই৷
লক্ষণীয় কথাটো হৈছে– এনেধৰণৰ সিদ্ধান্তৰ কথা সকলো দেশৰ মহাকাশ গৱেষণা সংস্থাক আগতীয়াকৈ জনাব লাগে৷ কিন্তু ৰাছিয়াই অতি গোপনে কৰিছে এই কাম৷ যাৰ বাবে আমেৰিকা আৰু ইউৰোপীয় দেশবোৰ ক্ষুব্ধ হৈছে৷ আমেৰিকাৰ বিদেশ দপ্তৰে এই কার্যক ‘দায়িত্বজ্ঞানহীন’ আখ্যা দিছে৷ ২০১৯ত অনুৰূপ ঘটনা ঘটাইছিল ভাৰতে৷ ইয়াৰ ফলত মহাকাশত সৃষ্টি হোৱা আৱর্জনাই কঢ়িয়াই আনিব পাৰে বিপদ৷ আটাইতকৈ শংকাৰ বিষয়টো হৈছে– পৃথিৱীৰ পৰাক্রমী দেশসমূহে এতিয়া মহাকাশতো নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ লৈছে৷ আমেৰিকা আৰু ফ্রান্সে মহাকাশ বাহিনী গঠনৰ প্রক্রিয়া প্রায় সম্পূর্ণ কৰি তুলিছে৷ মহাকাশৰ পৰাই পৃথিৱীৰ নিয়ন্ত্রণৰ এক প্রতিযোগিতা আৰম্ভ কৰি দিয়া হৈছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰে পৰা আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত আৰম্ভ হয় পৃথিৱীৰ সম্পদ দখলৰ প্রতিযোগিতা৷ এই প্রতিযোগিতাক জীয়াই ৰাখিবলৈ মাৰণাস্ত্র নির্মাণৰ প্রতিযোগিতা ক্ষিপ্রতৰ হয়৷ বর্তমান ছোভিয়েট ইউনিয়ন নাই৷ কিন্তু ৰাছিয়াৰ হাতত মজুত আছে গণবিধ্বংসী মাৰণাস্ত্রৰ বিশাল ভাণ্ডাৰ৷ গতিকে, দেশখনক লৈ বহুতৰে শংকা৷ সেইদৰে আমেৰিকা, চীন আৰু ইউৰোপীয় দেশসমূহেও বিশাল অস্ত্রভাণ্ডাৰ মজুত ৰাখিছে৷ এই অস্ত্রই কঁপাই ৰাখিছে সমগ্র পৃথিৱীৰ শান্তিকামী জনসাধাৰণক৷ এতিয়া মহাকাশৰ পৰাই নমাই অনা হৈছে আতংক৷ প্রশ্ণ উঠিছে– মানুহৰ হাতত মানুহৰে বাসভূমি ধ্বংস হ’ব নেকি? ইতিমধ্যে মানৱসৃষ্ট বহুকাৰকে এই সুন্দৰ পৃথিৱীলৈ বিপর্যয় মাতি আনিছে৷ গোলকীয় উষ্ণতা বৃদ্ধি, বায়ু প্রদূষণ, শব্দ প্রদূষণ, অৰণ্য ধ্বংস আদিয়ে আজি জীৱজগতৰ বাবে কঢ়িয়াই আনিছে দুর্যোগ৷ ইয়াৰ পিছতো মানৱজাতিয়ে ধ্বংস আৰু হিংসাৰ প্রতিযোগিতা চলাই থাকিলে কেনেদৰে ৰক্ষা পৰিব পৃথিৱী৷ ৰাছিয়াই মহাকাশত যি কাম কৰিলে, তাৰ দ্বাৰা পৃথিৱীৰ অন্য দেশবোৰে অনুপ্রাণিত হ’ব পাৰে৷ গতিকে, এনে ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ সকলো দেশৰ মহাকাশ গৱেষণা সংস্থাই বিষয়টোক লৈ আলোচনা কৰা উচিত৷ ইয়াৰ বাবে এক সর্বাত্মক নীতিৰ প্রয়োজন, যাতে কোনো দেশে নিজাববীয়াকৈ এনে সিদ্ধান্ত গ্রহণ কৰি মহাকাশলৈ বিপর্যয় কঢ়িয়াব নোৱাৰে৷

You might also like