নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক অর্ণৱ ডেকাৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ সকলোকে কন্দুৱাই বীৰৰ দৰেই পৃথিৱীৰ পৰা মেলানি মাগিলে সর্থেবাৰীৰ উজ্জ্বল নক্ষত্র সাংবাদিক অর্ণৱ ডেকা৷ শোকৰ বন্যাত ডুব গ’ল সমগ্র সর্থেবাৰী অঞ্চল৷ উল্লেখ্য যে যোৱা ১৬ আগষ্টত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল অর্ণৱ ডেকা৷ ঘটনাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত অর্ণৱক সর্থেবাৰীস্থিত ত্রিশখন বিছনাযুক্ত সৰুক্ষেত্রী গ্রাম্য চিকিৎসালয়ত ভর্তি কৰে। অর্ণৱৰ অৱস্থা গুৰুতৰ হোৱাত চিকিৎসকে তৎক্ষণাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰাৰ পৰামর্শ দিয়ে৷ পৰিয়ালৰ লোকে নলবাৰীৰ ডাঃ তপন ডেকাৰ সাৰথি হাস্পতালত ভর্তি কৰে৷ সাৰথি হাস্পতালত অর্ণৱৰ কিছু চিকিৎসা কৰাৰ পিছত অর্ণৱক গুৱাহাটী মহানগৰীৰ জি এন আৰ চিত উন্নত চিকিৎসাৰ বাবে ভর্তি কৰা হয়৷ জি এন আৰ চিৰ আই চি ইউ কক্ষত বিগত প্রায় এসপ্তাহে মৃত্যুৰে যুঁজি আছিল সর্থেবাৰী অঞ্চলৰ সৰবৰহী যুৱক অর্ণৱে৷ মাজতে স্বাস্থ্যৰ সামান্য উন্নতি হৈছিল যদিও তেওঁ যোৱানিশা প্রায় দুই বজাত শেষ নিশ্বাস ত্যাগ কৰিলে৷

সর্থেবাৰীৰ যমথেৰ চুপাৰ কৃষক তথা অগপ নেতা তিলক ডেকাৰ একমাত্র পুত্র আছিল অর্ণৱ ডেকা (২১)৷ অর্ণৱৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র সর্থেবাৰী অঞ্চলত হাহাকাৰ লাগে৷ সততে সমাজৰ আর্তজনৰ কাষত থিয় হোৱা অর্ণৱে অবৈধ সুৰাৰ বেহা উচ্ছেদ কৰাৰ লগতে দুর্নীতিৰ বিৰুদ্ধে এক সংগ্রাম গঢ়ি তুলিছিল৷ যাৰ বাবে কম দিনতে ৰাইজৰ প্রিয়ভাজন হৈ পৰিছিল৷ বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনৰ তীক্ষ্ণ বুদ্ধিৰ ছাত্র অর্ণৱে বিগত প্রায় এবছৰ ধৰি সংবাদ সেৱাৰ লগত জডিত হৈ সাহসেৰে বাতৰি প্রেৰণ কৰিছিল৷

যিকোনো সামাজিক কাম–কাজত আগভাগ লোৱা অর্ণৱৰ মৃতদেহ গুৱাহাটীৰ পৰা আহি পোৱাৰ লগে লগে সর্থেবাৰী নতুন বজাৰত হাজাৰ হাজাৰ মানুহ গোট খায় আৰু অর্ণৱক শেষবাৰৰ বাবে প্রত্যক্ষ কৰে৷ সর্থেবাৰী আঞ্চলিক যুৱশক্তিৰ লগতে সর্থেবাৰী আঞ্চলিক ছাত্র সন্থা, ভিক্টৰ গ্রুপ, সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্র সন্থা, সৰুক্ষেত্রী আঞ্চলিক শিল্পী সমাজ, সর্থেবাৰী প্রেছ ক্লাব আদি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগতে উপস্থিত শ শ ৰাইজে সাংবাদিকগৰাকীলৈ শ্রদ্ধাঞ্জলি নিবেদন কৰে৷ পুষ্পসজ্জিত স্বর্গৰথেৰে অর্ণৱৰ নশ্বৰদেহ লৈ সর্থেবাৰীত এক শোক সমদল কৰাৰ লগতে বঞ্চিত চৌধুৰী শংকৰদেৱ শিশু নিকেতনকে ধৰি বিভিন্ন স্থানত শ্রদ্ধাঞ্জলি অর্পণ কৰা হয়৷

 

You might also like