নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত ভুৱা নিযুক্তি পত্ৰ লৈ বিএছ এফৰ চাকৰীত যোগদান কৰিবলৈ অহা ৩ গৰাকী যুৱকক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা   ৩০ ডিচেম্বৰ : ভুৱা নিযুক্তি পত্ৰ লৈ সীমান্ত সুৰক্ষা বাহিনী( বিএছএফ)ৰ চাকৰীত যোগদান কৰিবলৈ অহা তিন গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। কাছাৰ জিলাৰ মাছিমপুৰ সেনা ছাউনীত এই ঘটনা সংঘটিত হৈছে ।
ধৃত কেইজন উত্তৰ প্ৰদেশৰ বাসিন্দা তেওঁ লোকৰ নাম চন্দন সিং ,অমিত কুমাৰ আৰু ছাহিল পাছোৱান। যোৱা ২১ ডিচেম্বৰৰ দিনা এই তিনি গৰাকী‌ যুৱক মাছিমপুৰ বিএছএফৰ প্ৰধান কাৰ্যালয়ত উপস্থিত‌ হৈছিল । প্ৰাথমিক তদন্তৰ পাছত তেওঁ লোকৰ নিযুক্তি পত্ৰ জাল বুলি ধৰা পৰে। পাছত‌ মাছিমপুৰ বিএছএফ কাৰ্যালয়ৰ পৰা‌ অৰুণাচল আৰক্ষী চকীত এই তিন গৰাকী যুৱকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় । গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শিলিগুৰিৰ এক প্ৰবঞ্চকে ২১ লাখ টকা লৈ জাল নিযুক্তি পত্ৰ দিছিল তেওঁলোকক। ধৃত কেইজন যুৱকক আৰক্ষীয়ে সুধপোচ অব্যাহত ৰাখিছে।

You might also like