নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলৰ ৩৭০ কোটি বছৰ পূর্বৰ নদীৰ বদ্বীপৰ আলোকচিত্র প্রেৰণ পার্ছেভাৰেঞ্চৰ

ৰঙাগ্রহত জীৱৰ অস্তিত্বক লৈ গৱেষণাৰ সমল নাছাৰ বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ ৰঙাগ্রহ মঙললৈ আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছাই দুটাকৈ ৰ’ভাৰ প্রেৰণ কৰাৰ পিছতে গ্রহটো সন্দর্ভত বিভিন্ন তথ্য পোহৰলৈ আহিব৷ নাছাই প্রেৰণ কৰা পার্ছেভাৰেঞ্চ ৰ’ভাৰে শেহতীয়াকৈ পৃথিৱীলৈ পঠিওৱা আলোকচিত্রই মঙলত একালত বিশাল জলাশয় আছিল বুলি নিশ্চিত কৰিছে৷ ৩৭০ কোটি বছৰীয়া প্রাচীন এক নদীৰ বদ্বীপৰ আলোকচিত্র প্রেৰণ কৰিছে ৰ’ভাৰটোৱে৷ এই আলোকচিত্র লাভ কৰাৰ পিছতেই নাছাৰ বিজ্ঞানীসকলৰ মাজত বৃদ্ধি পাইছে কৌতূহল৷

ইয়াৰ জৰিয়তেই মঙলত প্রাণীৰ অস্তিত্ব আছিল নে নাই, তাৰ প্রামাণিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিজ্ঞানীসকলে আশা প্রকাশ কৰিছে৷ উল্লেখনীয় যে ৰঙাগ্রহক মঙলৰ অতি দুর্গম জেজেৰো ক্রেটাৰৰ বিভিন্ন অঞ্চলৰ আলোকচিত্র প্রেৰণ কৰিছে ৰ’ভাৰটোৱে৷ জেজেৰো ক্রেটাৰ হৈছে মঙলৰ প্রাচীন জলগর্ভ৷ মঙলৰ এই অঞ্চলটোতে প্রাণীৰ অস্তিত্ব আছিল বুলি দীর্ঘদিনৰে পৰা ধাৰণা কৰি আহিছে নাছাৰ বিজ্ঞানীসকলে৷

You might also like