নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিয়ে অগপক এৰি দিব নে বৰছলা সমষ্টি!

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ  বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে। মিত্ৰদল হিচাপে অগপই কেইবাখনো আসনত প্ৰতিদ্বন্দিতা কৰিব। তেনেস্থলত চৰ্চালৈ আহিছে বৰছলা সমষ্টিৰ নাম। বিজেপি ৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ বিৰুদ্ধে সৰৱ একাংশ লোক।

অগপই সমষ্টিটোৰ বিভিন্ন স্থানত দলীয় সভা অনুষ্ঠিত কৰি দলটোৰ ভেটি সুদৃঢ় কৰাৰ বাবে তৃণমূল কৰ্মী সকলৰ ততপৰতা বৃদ্ধি কৰিবলৈ চেষ্টা চলাই।

বিধানসভা নিৰ্বাচনত বৰছলা সমষ্টিটোত অগপ দলে প্ৰাৰ্থী বিচাৰিব বুলি কুছকাৱাজ আৰম্ভ হৈছে। এই সন্দৰ্ভত সভাপতি অতুল বৰাৰ লগতে কেইবাজনো নেতাৰ সৈতে মত বিনিময় কৰিব সমষ্টিটোৰ প্ৰতিনিধি দলে।

1985 আৰু 1996ত এই সমষ্টিটো অগপৰ দখলত আছিল। 2001ৰ পৰা তিনিটা নিৰ্বাচনত অগপৰ প্ৰাৰ্থী পৰাজয় হয় যদিও 2006ৰ নিৰ্বাচনত ভাল ফল লাভ কৰিছিল অগপই। বিজেপিৰ ধুমুহাত তচনচ হোৱাৰ পাছতো পঞ্চায়ত নিৰ্বাচনতো প্ৰায় 25 হাজাৰ ভোট লাভ কৰিছিল।

দলটোৰ নেতৃবৃন্দই দাবী কৰে যে এতিয়াও বৰছলা সমষ্টিত অগপৰ ভোটবেংক আছে। বিজেপিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে মিত্ৰতাৰ ধৰ্ম পাহৰিলে বুলিও মন্তব্য কৰে অগপ নেতৃত্বই। আসনক লৈ চলি থকা শীতল যুদ্ধৰ পাছত কি সিদ্ধান্ত হয় সেয়া পৰবৰ্তী সময়তহে লক্ষ্যণীয় হ’ব

You might also like