নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বনপালক, বনৰক্ষীৰ পদোন্নতি স্থগিত

নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ চাকৰি জীৱনৰ অৱসৰ গ্রহণৰ আগদিনাই ২০জন বিষয়া–কর্মচাৰীক প্রধান মুখ্য বন সংৰক্ষক (পি চি চি এফ)–এ দিয়া নীতিবহির্ভূত পদোন্নতি স্থগিত ৰাখিলে বন বিভাগে৷ শনিবাৰে প্রধান মুখ্য বন সংৰক্ষক কার্যালয়ৰ পৰা পত্র নং ৫৮৯ৰ জৰিয়তে যোৱা ৩০ জুনত দিয়া পদোন্নতি স্থগিত ৰখাৰ নির্দেশ জাৰি কৰা হয়৷

উল্লেখ্য যে প্রধান মুখ্য বন সংৰক্ষক এ এম সিঙে যোৱা ৩০ জুনত অৱসৰ গ্রহণ কৰে৷ কিন্তু অৱসৰ গ্রহণৰ আগদিনা অর্থাৎ ২৯ জুনত ৮জন বনৰক্ষীক বনপালক হিচাপে আৰু ১২জন বনপালকক উপ–বনাঞ্চলিক বিষয়া হিচাপে পদোন্নতিৰ এক নির্দেশ প্রস্তুত কৰে৷ ইয়াকে লৈ বিভাগটোৰ ভিতৰচ’ৰাত সৃষ্টি হয় তুমুল বিতর্ক৷ সম্পূর্ণ নিয়ম বহির্ভূতভাৱে অৱসৰৰ আগদিনাই ততাতৈয়াকৈ এইসকল বনৰক্ষী আৰু বনপালকক পিচিচিএফ এ এম সিঙে দিয়া পদোন্নতিক লৈ প্রতিবাদমুখৰ হৈ পৰে বনকর্মী সংস্থা৷

উল্লেখ্য যে ৰাজ্যখনত ৩০ৰ পৰা ৩৫টা বনাঞ্চলিক বিষয়াৰ কার্যালয় ভাৰপ্রাপ্ত বিষয়াৰে চলি আছে৷ ইয়াৰে অন্যতম হ’ল পূব কামৰূপ বন সংমণ্ডলৰ অন্তর্গত প্রটেকচন ৰেঞ্জৰ লগতে দক্ষিণ গুৱাহাটী ৰেঞ্জ কার্যালয়৷ এই দুয়োটা কার্যালয়ে স্থায়ী বিষয়া অবিহনে চলি আছে৷ একেদৰে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ চিলা ৰেঞ্জতো নাই বন আঞ্চলিক বিষয়া৷ ৰেঞ্জ কার্যালয়সমূহ ভাৰপ্রাপ্ত বিষয়াৰে চলি থকাৰ পাছতো যোৱা দীর্ঘদিন পি চি চি এফ পদত থকা এ এম সিঙে কোনো গুৰুত্বই প্রদান কৰা নাছিল৷ কিন্তু হঠাতে অৱসৰৰ আগদিনা বনৰক্ষী আৰু বন পালকসকলক পদোন্নতি দিয়াৰ আঁৰত যে ধনৰ লেনদেন চলিছিল, সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ আনকি অৱসৰ গ্রহণ কৰা পি চি চি এফ সিঙে দিয়া এনে নির্দেশৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বনকর্মী সংস্থা৷

অভিযোগ অনুসৰি যিসকল বনৰক্ষী আৰু বনপালকক পদোন্নতি দিয়া হ’ল, তেওঁলোকৰ ছমহীয়া প্রশিক্ষণৰ অন্তত ৭০ শতাংশতকৈও অধিক নম্বৰ পোৱা দেখুওৱা হৈছে৷ কোনো কোনোৱে আনকি ৯০ শতাংশ পর্যন্ত নম্বৰ লাভ কৰিছে৷ নিয়ম অনুসৰি ছমহীয়া প্রশিক্ষণ কোনো কাৰণতে সম্পূর্ণ প্রশিক্ষণ হ’ব নোৱাৰে৷ কিন্তু কিহৰ স্বার্থত মাত্র ছমহীয়া প্রশিক্ষণ লোৱা ২০জনকৈ বনৰক্ষী আৰু বনপালকক অধিক নম্বৰ প্রদান কৰি অৱসৰৰ আগদিনা পদোন্নতি দিয়া হ’ল, তাক লৈ অভিযোগ উঠাই নহয়, অৱসৰ গ্রহণ কৰা পিচিচিএফ এ এম সিঙৰ বিৰুদ্ধেও সন্দেহৰ আঙুলি উঠিছে৷

ইতিমধ্যে বিষয়টো সন্দর্ভত পুনৰ পৰীক্ষাৰ বাবে বনকর্মী সংস্থাই বনমন্ত্রী পৰিমল শুক্লবৈদ্য আৰু বিভাগীয় প্রধান সচিব অবিনাশ যোশীলৈ পত্র প্রেৰণ কৰিছে৷ উক্ত পত্রৰ ভিত্তিতে শনিবাৰে এই পদোন্নতি স্থগিত ৰাখে বন বিভাগে৷ ইফালে এ এম সিঙৰ অৱসৰৰ পাছতে বন বিভাগৰ নতুন পিচিচিএফৰূপে দায়িত্ব লৈছে ড০ অলকা ভার্গৱে৷ ১৯৮৭ চনৰ ভাৰতীয় বন সেৱাৰ বিষয়া ড০ অলকা ভার্গৱ হৈছে বন্যপ্রাণী বিভাগৰ পিচিচিএফ অমিত সাহাইৰ পত্নী৷

You might also like