নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী সংলগ্ন পশ্চিমবংগৰ বালাভুতত বিএছএফৰ গুলীত গুলীবিদ্ধ গৰু সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ আজি ধুবুৰী জিলা সংলগ্ন পশ্চিমবংগৰ বালাভুত অঞ্চলেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়ত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ গুলিত এজন গৰু সৰবৰাহকাৰী গুলিবিদ্ধ হোৱাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভাৰ আগমনিৰ গৌৰ-ঝাপুসাবাৰীৰ সমীপৰ পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ মধ্য বালাভুতৰ কালাজানী নৈৰে গৰু সৰবৰাহ কৰি থকা অৱস্থাত বিএছএফৰ গুলিচালনাত গুলিবিদ্ধ হৈছে ব্যক্তিজন। গুলিবিদ্ধ হোৱা গৰুৰ সেই চোৰাং সৰবৰাহকাৰী জন ধুবুৰী জিলাৰ বাসিন্দাজনৰ নাম ছাইদুল ইছলাম। ইছসামক প্ৰথমে পশ্চিমবংগৰ তুফানগঞ্জৰ মহকুমা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পিছলৈ গৈ বিএছএফে উন্নত চিকিৎসাৰ বাবে পশ্চিবংগৰ কোচবিহাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি প্ৰকাশ। জানিব পৰা মতে, ইছলামে বাংলাদেশলৈ নদী পথেদি চোৰাংকৈ নিবলৈ নিয়া ৩টাকৈ গোধনো বিএছএফে উদ্ধাৰ কৰিছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like