নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ গটঙা সোণাপুৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত প্ৰাচীৰ পত্ৰিকা উন্মোচন

বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ সমীপৰ অসম নগালেণ্ড সীমান্তৱৰ্তী গটঙা সোনাপুৰ প্ৰাথমিক বিদ্যালয়ত আজি গুণোৎসৱৰ দিনা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। ‘ন -সুৰুজ’ নামৰ প্ৰাচীৰ পত্ৰিকা খন উন্মোচন কৰে সোনাপুৰ প্ৰাথমিক বিদ্যালয়ৰ বৰ্হিমূল্যায়কৰ দায়িত্বত থকা তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক গৌতম বৰাই। প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰি অধ্যাপক গৌতম বৰা অভিভূত হৈ পৰে। চমু ভাষন প্ৰসঙ্গত তেওঁ এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এখন প্ৰাচীৰ পত্ৰিকা লিখি উলিওৱা ইমান সহজ কথা নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে দায়বদ্ধতাৰে আগবাঢ়ি অহাৰ বাবে শিক্ষক শিক্ষয়িত্ৰী সকলৰো প্ৰশংসা কৰে। জংঘল ব্লক হাইস্কুলৰ সহকাৰী শিক্ষক নগেন গগৈয়ে আঁত ধৰা এই অনুষ্ঠান গটঙা সোনাপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ডম্বৰু গগৈ, কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি ফুকন, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি টিন্টোস মুৰ্মুৰ লগতে শতাধিক অভিভাৱক – শুভাকাংক্ষী ৰাইজ উপস্থিত থাকে। পঞ্চম শ্ৰেণীৰ ছাত্ৰ তন্ময় বৰুৱাই সম্পাদনা কৰা প্ৰাচীৰ পত্ৰিকাখনৰ সম্পাদনাত সহযোগ কৰিছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী জোনালী তিৰ্কী আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ দিব্য বৰাই। বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰিয়তোষ দাস আৰু সহ শিক্ষক নোমল চন্দ্ৰ দলে উপদেষ্টা হিচাপে থকা ‘ন- সুৰুজ’ৰ ৰূপ সজ্জাত সহায় কৰে শিক্ষয়িত্ৰী স্বপ্নালী গগৈয়ে। আনহাতে, বৰ্ণ বিন্যাস কৰিছে শিৱানী গগৈ আৰু পল্লবী বৰাই। উল্লেখ্য যে দ্বিতীয় শ্ৰেণী ছাত্ৰী অন্তৰীকা বৰাই ‘মই শিক্ষক হ’লে সিঁহতক মৰমৰে পঢ়াম’, ‘স্কুল নাহিলে ঘৰৰ পৰা মাতি আনিম’, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী অৰ্পিতা গগৈয়ে ‘মই শিক্ষক হ’লে সিঁহতক কিতাপ কিনি দিম’, মৌচুমী বৰাই ‘মই শিক্ষক শিক্ষয়িত্ৰী হ’লে সিহঁতক কাজিয়া কৰিবলৈ নিদিম’ আদি মনৰ ভাৱ প্ৰকাশ কৰি প্ৰাচীৰ পত্ৰিকা খনত উল্লেখ কৰিছে। বহিঃমূল্যায়নৰ শেষত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা নৃত্য গীত পৰিৱেশন কৰা হয়। এখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰি উলিওৱা কাৰ্য্যক অঞ্চলটোৰ বিদ্যানুৰাগী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like