নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ধেমাজি জিলাৰ জোনাইত আজি মহকুমা আৰু আৰক্ষী প্ৰশাসনৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। অখণ্ড ভাৰতৰ অন্যতম খনিকৰ, লৌহ মানৱ বল্লভভাই পেটেলৰ জয়ন্তীৰ উপলক্ষত দেশজুৰি পালন কৰা এই দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰয়াত ৰাষ্ট্ৰনেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলিৰে আজি জোনাইত পুৱা ৭ বজাত ‘একতাৰ দৌৰ’ শীৰ্ষক এক সামূহিক দৌৰৰ আয়োজন কৰা হয়।

জোনাই মহকুমা আৰু আৰক্ষী প্ৰশাসন যৌথ উদ্যোগত উদযাপন কৰা ৰাষ্ট্ৰীয় একতা দিৱসটি নিজা জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ পৰা ৰাংকপ তিনিআলি আৰু জোনাই টাউন ক্লাব হৈ পুনৰ মহকুধিপতি কাৰ্যালয়ত সমাপ্ত কৰে৷

সমূহীয়া দৌৰত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতি, দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, জোনাই নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, জোনাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ লগতে জোনাই আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে
অংশগ্ৰহণ কৰে।

You might also like