নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুলসী চেগুন ঐতিহ্যক্ষেত্ৰলৈ যোৱা পথ শীঘ্ৰে মেৰামতিৰ দাবীত ৰাভা সংগঠনৰ স্মাৰক-পত্ৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চণ্ডিকা দেৱালয়ৰ গেট তথা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ব্ৰিটিছৰ দিনৰ ঐতিহাসিক পৰ্যটনস্থলী কুলসী চেগুন ঐতিহ্যক্ষেত্ৰলৈ যোৱা প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘৰ পথটো শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাই ছয়গাঁও ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰত অভিযোগ কৰা মতে, উক্ত পথটি বহু বছৰ আগতে পকীকৰণ হৈছিল যদিও মেৰামতি নোহোৱা হেতুকে পথটিৰ অৱস্থা অতি শোচনীয় হোৱা বাবে বৃহৎ অঞ্চলৰ ৰাইজৰ লগতে পৰ্যটকসকলে জীয়াতু ভুগিব লগা হৈছে, যাৰ বাবে আজি ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জিতেন ৰাভা, সাধাৰণ সম্পাদক অৰবিন্দ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী সুজাতা ৰাভা দলৈ, সাধাৰণ সম্পাদিকা মীৰা ৰাভা, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি অতুল ৰাভা, সাধাৰণ সম্পাদক বিশ্বজিৎ ৰাভা দলৈ আৰু ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত ৰাভা আৰু সাধাৰণ সম্পাদক নিৰঞ্জন ৰাভা স্বাক্ষৰিত স্মাৰক-পত্ৰযোগে উক্ত পথটি অতি শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনকেইটাই  মন্ত্রীগৰাকীক দাবী জনাইছে। এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ।

You might also like