নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত গৰ্ভৱতী মহিলা আৰু শিশুৰ খাদ্য আঁচনিৰ শুভাৰম্ভ

২৯৩০ মহিলা আৰু ৭১১২ গৰাকী শিশু হ’ব উপকৃত

নিয়মীয়া বাৰ্তা,  ১১ জুন: ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু তিনি বছৰৰ তলৰ শিশু সকলৰ বাবে লোৱা পুষ্টিকৰ আহাৰ যোগানৰ আঁচনিখনৰ শুকুৰবাৰে ছয়গাঁৱৰ শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত উদ্ধোধন কৰা হয় ৷ এই কাৰ্যসূচী খন উদ্ধোধন কৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷ এই আঁচনিখনে ছয়গাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প আঁচনি কাৰ্যালয়ৰ লগতে গৰৈমাৰীৰো একাংশক লৈ মুঠ ২৯৩ টা অংগনবাড়ী কেন্দ্ৰক সামৰি লোৱা হৈছে ৷

শুকুৰবাৰে বিধায়ক গৰাকীয়ে উদ্ধোধন কৰা এই আঁচনিখনৰ জৰিয়তে মুঠ ২৯৩০ গৰাকী গৰ্ভৱতী মহিলা আৰু ছমাহৰ পৰা তিনিবছৰলৈ মুঠ ৭১১২ গৰাকী শিশু উপকৃত হ’ব ৷ আঁচনিমতে প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক ৪৫ দিনৰ বাবে প্ৰতিদিনে ১২০ গ্ৰামকৈ চাউল আৰু ২৫ গ্ৰামকৈ মটৰ যোগান ধৰা হ’ব ৷ আনহাতে প্ৰতি গৰাকী শিশুকো ৪৫ দিনৰ বাবে প্ৰতিদিনে ৭৫ গ্ৰাম চাউল আৰু ২০ গ্ৰামকৈ মটৰ যোগান ধৰা হ’ব ৷ এই লৈ সৰ্বমুঠ ৩৭২১৫ কিলো চাউল আৰু ১০৬৪৯ কিলো চাউল ৪৫ দিনীয়া আঁচনিখনত খৰচ হ’ব ৷

আঁচনিখন উদ্ধোধন কৰি বিধায়ক গৰাকীয়ে কয় যে সমাজ কল্যাণ বিভাগৰ এনেধৰণৰ আঁচনিবোৰ সকলো ৰাইজে জনাটো প্ৰয়োজন ৷ এই ক্ষেত্ৰত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী তথা অংগনবাড়ীৰ কৰ্মী সকলে ৰাইজক জড়িত কৰাৰ বাবে আহ্বান ৷ গৰ্ভৱতী মহিলা আৰু শিশু বাবে চৰকাৰে লোৱা এই আঁচনিৰ বিতৰণ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা হোৱাটোও বিধায়ক গৰাকীয়ে কামনা কৰে ৷ শুকুৰবাৰৰ এই কাৰ্যসূচীত ছয়গাঁৱৰ চক্ৰ বিষয়া জয়ন্ত বৰা আৰু ছয়গাঁৱৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পুষ্পাঞ্জলী গোস্বামীও উপস্থিত থাকে ৷

You might also like