নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানাহ ৰাষ্ট্ৰীয় উদ্যান-ত দুষ্প্ৰাপ্য মাৰ্বল কেটৰ অৱস্থিতি বন্দী পৰ্যটকৰ কেমেৰাত

বন্যপ্ৰাণী ফটোগ্ৰাফাৰ কৌশিক কাকতি আৰু লুকু ৰঞ্জন নাথে কেমেৰাৰে প্ৰথমবাৰৰ অসমত দুষ্প্ৰাপ্য মাৰ্বল কেটৰ ফটো বন্দী কৰিবলৈ সক্ষম হয়।

বন্যপ্ৰাণী অনুৰাগীৰ বাবে এটা অত্যন্ত সুখবৰ যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত আবদ্ধ হৈছে দুষ্প্ৰাপ্য মাৰ্বল কেটৰ অৱস্থিতি।

বন্যপ্ৰাণী ফটোগ্ৰাফাৰ কৌশিক কাকতি আৰু লুকু ৰঞ্জন নাথে কেমেৰাৰে প্ৰথমবাৰৰ অসমত দুষ্প্ৰাপ্য মাৰ্বল কেটৰ ফটো বন্দী কৰিবলৈ সক্ষম হয়। অতি দুষ্প্ৰাপ্য এই মেকুৰী গোত্ৰৰ অন্তৰ্গত মাৰ্বল কেট সাগৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত পূব হিমালয় আৰু দক্ষিণ পূব এছিয়াত প্ৰধানত পোৱা যায়।

এক জীপ ছাফাৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাইড শুক্লেশ্বৰ নাথ আৰু চালক আক্ৰম আলী সহিতে তেওঁলোকে মানাহ ৰাষ্ট্ৰীয়  উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মূল পথত এজনী মাৰ্বল কেট পোৱালি সহিতে দেখিবলৈ সৌভাগ্য হোৱাৰ লগতে বিৰল দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয়।

এই খবৰে প্ৰকৃতিপ্ৰেমীসকলক উৎফুল্লিত কৰাই নহয়, ৰাষ্ট্ৰীয় উদ্যানখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি প্ৰকৃতিপ্ৰেমীসকল আশাবাদী।

উল্লেখযোগ্য যে দুষ্প্ৰাপ্য মাৰ্বল কেটৰ অৱস্থিতিৰ প্ৰামাণিক তথ্য মানাহৰ ট্ৰেপ কেমেৰাত পূৰ্বে পোৱা গৈছিল যদিও পৰ্যটকৰ কেমেৰাত আবদ্ধ হোৱা ঘটনা এয়াই প্ৰথম বুলি জনা গৈছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১০ অক্টোবৰ

You might also like