নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰয়েল এনফিল্ডক প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহি আছে হিৰোৰ নতুন বাইক

নিয়মীয়া বাৰ্তা, ৬ মে: মিডৱেট মটৰ চাইকেল ছেগমেণ্টত ৰয়েল এনফিল্ডে আধিপত্য বিস্তাৰ কৰিছে। কোম্পানীটোৱে যোৱা বছৰ বিশ্বজুৰি বছৰি ২০ লাখ ইউনিট বিক্ৰী কৰিছে। য’ত কোম্পানীটোৱে বিদেশত এই ছেগমেণ্টৰ ১০ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰাৰ বিপৰীতে ভাৰতত ইয়াৰ ৯০ শতাংশ অংশীদাৰিত্ব আছিল। বজাৰ অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰয়েল এনফিল্ডে এই বিত্তীয় বৰ্ষত চাৰিটা নতুন মডেল প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে। য’ত আছে হিমালয়ান ৪৫০ ৰ’ডষ্টাৰ আৰু শ্বটগান ৬৫০ৰ লগতে আন দুটা মডেল।

কিন্তু ইয়য়াৰ মাজতে সকলোকে আচৰিত কৰি ৰয়েল এনফিল্ডৰ এই আধিপত্যক প্ৰত্যাহ্বান জনাবলৈ হিৰো মট’কৰ্প, হোণ্ডা আৰু বাজাজ অটোৱে অহা কেইমাহমানৰ ভিতৰত এই ছেগমেণ্টত প্ৰায় এক ডজন বাইক প্ৰৱৰ্তন কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, হিৰো মট’কৰ্পে চলিত বৰ্ষৰ শেষৰ ফালে এখন নতুন মিডৱেট মটৰ চাইকেল মুকলি কৰিবলৈ ওলাইছে। যিটো কোম্পানীয়ে হাৰ্লি-ডেভিডছনৰ সৈতে একেলগে প্ৰস্তুত কৰিব।

You might also like