নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ ১৭ লাখ ৬০ হাজাৰ টকা বৰঙণি আগবঢ়ালে খুমটাই সমষ্টিৰ ৪৫৯৫ গৰাকীয়ে

নিয়মীয়া বাৰ্তা, ২ জুনঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কভিডৰ এই যুঁজত জন ভাগিদাৰী হ’বলৈ আহ্বান জনোৱাৰ সময়তে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰশংসনীয় পদক্ষেপ । মুখ্যমন্ত্ৰীৰ আহ্বানক সমৰ্থন কৰি নিজৰ ফেচবুক পেজত এটা পষ্ট আপলোড কৰাৰ পাছতে সমষ্টিটোৰ পৰা দলে দলে ওলাই আহিল এই যুঁজত অংশীদাৰ হ’বলৈ ।

সমষ্টিটোৰ ৪৫৯৫ গৰাকী লোকে প্ৰত্যক্ষভাৱে জন ভাগিদাৰীত অংশ লৈ আগবঢ়ায় সামৰ্থ্য অনুযায়ী বৰঙণি । বিধায়ক গৰাকীৰ আহ্বানক সমৰ্থন কৰি ১০ টকাৰ পৰা ১ লাখ টকালৈকে বৰঙণি আগবঢ়াই সমষ্টিবাসীৰ মহানুভৱতা । মাত্ৰ চাৰিটা দিনত সমষ্টিটোৰ নামঘৰ, মছজিদ, আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন বিদ্যালয় পৰিচালনা সমিতি, ব্যৱসায়ী, খেতিয়ক, দিন হাজিৰা কৰা লোক, বৃদ্ধ পেঞ্চনাৰ আদি সকলো‌লোকে এই যুঁজত অংশীদাৰ হ’বলৈ ওলাই আহিল ।

কভিড নীতি মানি বিধায়কগৰাকীৰ যোগিবাৰীস্থিত অস্থায়ী কাৰ্যালয়ত দীঘলীয়া শাৰী পাতি মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ আগবঢ়ালে বৰঙণি।

ইপিনে বিধায়ক মৃণাল শইকীয়াই এটা ফেচবুক পষ্ট দিয়াৰ পাছতে ৪৯খন নামঘৰ পৰিচালনা সমিতি, ১৩খন মছজিদ উন্নয়ন সমিতি, ২২ টা গ্ৰাম্য সংগঠন, ৭৯ টকা আত্মসহায়ক গোটকে ধৰি ফুটবল ক্লাব, কেৰম ক্লাৱ , কেইবাটাও স্বেচ্ছাসেৱী অনুষ্ঠানসহ ৪৫৯৫ গৰাকী লোকে প্ৰত্যক্ষ-পৰোক্ষভাৱে মুঠ ১৭ লাখ ৬৪ হাজাৰ ৯২৮ টকা প্ৰদান কৰে।

 

You might also like