নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কীর্তিচিহ্ণসমূহ এটা জাতিৰ দাপোণঃ মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ চাওলুং চুকাফাই সুদূৰ পাটকাই পবর্ত পাৰ হৈ আহি অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীসমূহ একত্রিত কৰি যি বৰ অসম গঢ়ি থৈ গ’ল এই আদর্শ পৃথিবীৰ ইতিহাসত এক বিৰল৷ এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতিক পৰিক্রমাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্রশাসনৰ সহযোগত সতী জয়মতীৰ স্মৃতি বিজডিত ঐতিহাসিক জেৰেঙা পথাৰৰ বুকুত থকা ৰুদ্রসাগৰৰ ন–পুখুৰীত অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধন কৰি মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে কীর্তিচিহ্ণ হ’ল এটা জাতিৰ দাপোন৷ বিশ্ববাসীয়ে চাব পৰাকৈ দাপোনখন ঠিক কৰি ল’ব লাগিব৷ আহোম ৰাজত্বকালত নির্মাণ কৰা এইসমূহ সম্পদ সঠিকভাৱে সংৰক্ষণ কৰাৰ লগতে বিভিন্ন জাতি–জনগোষ্ঠীৰ মান ৰক্ষা তথা ভেটি সুদৃঢ় কৰাৰ বাবে গভীৰভাৱে অধ্যয়ন কৰিব লাগিব৷ তদুপৰি আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ সাবস্ত্য কৰিবলৈ হ’লে চুকাফাৰ এই কীর্তিচিহ্ণসমূহ সংৰক্ষণ কৰিব লাগিব৷ সাংস্কৃতিক পৰিক্রমা বিভাগৰ আয়ুক্ত প্রীতম শইকীয়াই আদৰণি ভাষণ দি উদ্বোধনী অনুষ্ঠানটোত জলসম্পদ বিভাগ আৰু প্রযুক্তি সাংস্কৃতিক পৰিক্রমা পুৰাতত্ত্ব আৰু তথ্য প্রযুক্তি বিভাগৰ মন্ত্রী কেশৱ মহন্তই ভাষণত কয় যে জাতীয় পৰিচয় লুকাই থকা কীর্তিচিহ্ণসমূহ সংৰক্ষণ কৰাৰ বাবে ইতিমধ্যে এখন আইন প্রণয়ন কৰা হৈছে৷ এই আইনৰ ভিত্তিত কীর্তিচিহ্ণসমূহত হৈ থকা বেদখলসমূহ উচ্ছেদ কৰা হ’ব৷ ভাৰত চৰকাৰে শিৱসাগৰ জিলাখনক ‘আইকন চিটী’ হিচাপে ঘোষণা কৰাৰ লগতে তিনি হাজাৰ পাঁচশ কোটি টকা আবণ্টন দিয়া বুলি মন্তব্য কৰে৷

ৰূপহী পথাৰত বিশ্বমানৰ এটা যাদুঘৰ স্থাপন কৰাৰ বাবে জিলা প্রশাসনে পোন্ধৰ বিঘা মাটি পুৰাতত্ত্ব বিভাগলৈ হস্তান্তৰ কৰাৰ লগতে চৰাইদেউৰ ময়দামসমূহ বিশ্বৰ ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰাৰ বাবে ইউনেস্ক’ৰ যাৱতীয় অনুমোদন মুখ্যমন্ত্রী সোণোৱালৰ জৰিয়তে কৰা হৈছে বুলি অৱগত কৰে৷ তদুপৰি ন–পুখুৰীৰ ৬৪৫ বিঘা মাটি পুৰাতত্ত্ব বিভাগলৈ হস্তান্তৰ কৰাৰ লগতে ন–পুখুৰী আৰু তাৰ পাৰত থকা দ’ল আদি উন্নয়নৰ বাবে তিনি কোটি টকা ব্যয়সাপেক্ষে কাম চলি থকা বুলি কয়৷ অসম চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱাই উদ্দেশ্য বাখ্যাত ঐতিহ্যসমূহ সংৰক্ষণ কৰাৰ বাবে সজাগতা অনা মূল উদ্দেশ্য বুলি মন্তব্য কৰে৷ উক্ত সভাখনতে কীর্তিচিহ্ণসমূহ সংৰক্ষণৰ বাবে অহোপুৰোষার্থ কৰি অহা হোজাই জিলাৰ বর্ষীয়ান কৃষ্ণ কুমাৰ সিংহ আৰু শিৱসাগৰৰ যুৱক নবীন বুঢ়াগোহঁাই ধেমাজিৰ ঘোঘোহা দ’ল উন্নয়ন সমিতিক ঐতিহ্য মিত্র বঁটা প্রদান কৰা হয়৷ উক্ত বঁটাত একোখনকৈ মানপত্র কীর্তিচিহ্ণ আৰু পঞ্চাশ হাজাৰকৈ টকা প্রদান কৰে মুখ্যমন্ত্রী সোণোৱালে৷ তদুপৰি তাইপণ্ডিত ক্রমে শিক্ষাবিদ ক্রমে দিলীপ বুঢ়াগোহঁাই, জিতেনবৰপাত্র গোহঁাই, ড০ অতুল বৰগোহঁাই, পূর্ণ গগৈ আৰু তুলসী নেওগক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে পুৰাতত্ত্ব বিভাগে প্রকাশ কৰা স্মৃতিগ্রন্থ ক্রমে আর্কি’লজিকেল হেৰিটেজ অৱ চাউথ এছিয়া, হেণ্ডবুক অন আর্কি’লজিকেল অৱ আছাম, আৰু এক্সপ্লৰেচন ৰিপ’ট অৱ ৱেষ্ট কার্বি আলং ডিষ্ট্রিক নামৰ তিনিখনকৈ স্মৃতিগ্রন্থ উন্মোচন কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷

আনহাতে সভাখন বিয়লি দুই বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রীগৰাকী প্রায় ২ ঘণ্টা পলমকৈ অহাত দূৰদূৰণিৰ পৰা অহা ৰাইজ অতিষ্ঠ হৈ পৰে৷বহু ৰাইজ সভাগৃহ ত্যাগ কৰাৰ লগতে শেষত আৰক্ষীয়ে মূল প্রৱেশ পথ বন্ধ কৰি দিয়ে৷ ভংগীমা কলা কেন্দ্রৰ ছাত্রীসকলে প্রদর্শন কৰা মংগলাচাৰণ নৃত্য আৰু মুখ্যমন্ত্রী সোণোৱালে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা শুভ উদ্বোধনী অনুষ্ঠানটোত অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ মন্ত্রী যোগেন মহন, আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছা, সোণাৰি সমষ্টিৰ বিধায়াক নৱনীতা সন্দিকৈ, বিধায়ক ৰিতুপন বৰুৱা, মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহঁাই, প্রাক্তন মন্ত্রী হিৰণ্য কোঁৱৰ, জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, জিলা বিজেপিৰ সভাপতি সুৰভি ৰাজকুঁৱৰী,ৰাজ্যিক নেতা ভবেন মহন, দ্বীপৰেখা কলিতাকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ বর্ষাৰাণী বৰাই আঁত ধৰা আৰু শলাগৰ শৰাই আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানটোত বিভিন্ন সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰা হয়৷

You might also like