নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ বনাঞ্চলত সক্ৰিয় চোৰাং চিকাৰী, বন্য হস্তী বধ কৰি কাটি নিলে দাঁত আৰু নেজ

নিয়মীয়া বাৰ্তা,২০ ছেপ্টেম্বৰ: চিৰাং জিলাৰ সংৰক্ষিত বনাঞ্চলত বৰ্তমানেও সক্ৰিয় হৈ আছে চোৰাং চিকাৰী তথা বন মাফিয়াৰ দল। জিলা খনৰ অন্তৰ্গত ৰিপু-চিৰাং হস্তী সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত দেওশ্ৰীত স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বন বিভাগে আজি এটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ কৰে। মৃত বনৰীয়া হাতী উদ্ধাৰ  হোৱাৰ ঘটনাই অঞ্চলটোত চোৰাং চিকাৰী তথা বন মাফিয়াৰ দল সক্ৰিয় হৈ থকা বুলি প্ৰমাণিত কৰে। চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি ৰিপু-চিৰাং সংৰক্ষিত বনাঞ্চল খনত প্ৰায় ২০০ টা বন্য হস্তী বিচৰণ কৰি আছে।

হাতীৰ জাকটোৰ নিৰীক্ষণত ইতিমধ্যে একাধিক বন কৰ্মীৰ দল অঞ্চলটোত নিয়োগ কৰা হৈছে। ২০০ হাতীৰ জাকটোৰ পৰা ৪/৫ টা গোটত বিভক্ত হৈ বনাঞ্চলত ঘূৰি ফুৰে।  দুই এটা সৰু জাকে বনভূমিত গাঁওপাতি বসবাস কৰা লোকৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে চলিত বৰ্ষত বৰ্তমানলৈ ভূটান সীমান্তৱৰ্তী দেওশ্ৰী,হাতীসাৰ আদি বিভিন্ন স্থানৰ ৩ জন লোকক বধ কৰিছে। আজি মৃত অৱস্থাত উদ্ধাৰ হোৱা বনৰীয়া হাতীটোক চোৰাং চৰাকাৰীয়ে ৪/৫ পূৰ্বে বধ কৰা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে হাতীটোৰ  দাঁত আৰু  নেজ কাটি নিয়া বুলি বন প্ৰাধিকাৰী পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাইলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চিকিৎসক আহি হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব বুলি জানিবলৈ দিয়ে। হাতী বধৰ সৈতে জড়িত চোৰাং চিকাৰী কেইজনক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ বন বিভাগ সক্ষম হ’ব বুলিও বন বিষয়া জনে দৃঢ়তাৰে কয়।

You might also like