নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁও আৰক্ষীৰ অভিযানঃ গৰৈমাৰী পুখুৰীপাৰত আটক কৰিলে তীৰ খেলৰ বুকি

জব্দ কৰিলে নগদ ধনসহ মবাইল ফোন

নিয়মীয়া বাৰ্তা,  ২০ ছেপ্তেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষীৰ ড্ৰাগছ, মদ আৰু তীৰ খেলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এই অভিযান অব্যাহত থকাৰ সময়তে আজি দিনৰ প্ৰায় ১.৩০ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰ ভিত্তিত অভিযান চলাই নগদ টকা, এটি মবাইল ফোন, তীৰ খেলৰ লগত জড়িত নথিসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আটক কৰা লোকজন হল গৰৈমাৰী শিঙিমাৰীৰ চম্ভুচৰণ চৰকাৰ । আৰক্ষীয়ে তীৰ খেলৰ বুকি জনৰ সৈতে ৯০২০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ছয়গাঁও আৰক্ষী থানাত যোগদান কৰাৰে পৰা বিশেষকৈ ড্ৰাগছ, মদ, গাড়ী চুৰি চক্ৰ আৰু তীৰ খেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সচেতন মহলে ভূয়সী প্ৰশংসা কৰে ।

You might also like