নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ প্ৰতিষ্ঠিত বাদ্যশিল্পী সঞ্জীৱ ৰাভাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ: এক পথ দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থাত থকা কামৰূপ জিলাৰ বকোৰ প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰী শিল্পী সঞ্জীৱ ৰাভা সম্প্ৰতি চিকিৎসাধীন। প্ৰাপ্ত খৱৰ অনুসৰি যোৱা ৮ মাৰ্চৰ দিনা নিশা গুৱাহাটীত সাংস্কৃতিক অনুষ্ঠানত বাদ্য বজাই নিজৰ কৰ্তব্য সামৰি বকোৰ ঘৰলৈ আহি থকা অৱস্থাত ছয়গাঁওৰ গোৱৰ্ধনত সংঘটিত হৈছিল দূৰ্ঘটনাটো। এই পথ দুৰ্ঘটনাত মটৰ চাইকেলেৰে আহি থকাত ট্ৰাকৰ লগত হয় সংঘৰ্ষ। এই ঘটনাত বকোৰ প্ৰতিষ্ঠিত বাদ্যযন্ত্ৰী শিল্পী সঞ্জীৱ ৰাভা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। এতিয়া সম্প্ৰতি গুৱাহাটী ৰ নেম কেয়াৰ চিকিৎস্যালয়ত চিকিৎসাধীন হৈ আছে। সেয়ে শিল্পী গৰাকীক উন্নত মানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰি আজি ৰাইজৰ মাজলৈ ওলাই আহে বকোৰ শিল্পী সমাজ। উল্লেখ্য যে ; শিল্পী সমাজে লোৱা মহানুভৱতাক শলাগ লৈ আৰ্থিক সাহাৰ্য্য বিচাৰি উলিওৱা কাৰ্য্যসুচী আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই। শিল্পী সমাজৰ এই কাৰ্য্যসুচীত যোগদান কৰে বকোৰ বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড:গণেশ্বৰ চহৰীয়া ; শিক্ষক তথা যুৱ সমাজ কৰ্মী পবিত্ৰ কৈৱৰ্ত ; শিল্পী ভীষ্মদেৱ ৰাভা ; দীপক তামুলী ; দেৱজিৎ দাস ; অমৰ মজুমদাৰ ; যুৱ সমাজৰ হাৰ্থথ্ৰৱ শিল্পী ব্ৰজ কুমাৰ ৰাভা ; হিৰণ্য কুমাৰ নাথ ; ৰাম কিষাণ দাস ; জীতেন দাসকে ধৰি বহু শিল্পী। শিল্পী সমাজে বকোৰ বজাৰ ঘাট আৰু শুভাকাংশীৰ পৰা আৰ্থিক সাহাৰ্য্য বিচাৰে আৰু সু – হৃদয়বান সকলে নিজ ইচ্ছাৰে অৰ্থ সাহাৰ্য্য প্ৰদান কৰে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like