নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা দাবীৰে বকোত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চ – নিখিল ৰাভা ছাত্ৰ সন্থা ; নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত কামৰূপ জিলাৰ তিনিওটা সংগঠনৰ সহযোগত আজি বকোত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। উল্লেখ্য যে ; ৰাভা জাতীয় তিনিওটা সংগঠনৰ উদ্যোগত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছং পৰিষদৰ বাহিৰত বসবাস কৰা ৰাভা সকলোৰ বাবে ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে। আজি দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত তিনিওটা সংগঠনৰ প্ৰায় তিনি সহস্ৰাধিক জাতীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে।

অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা ; ষষ্ঠ অনুসূচী দাবী সমিতিৰ কেন্দ্ৰীয় সভাপতি দশানন ৰাভা আৰু সম্পাদক অশোক ৰাভা ; ৰাভা মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ললিতা ৰাভা আৰু সম্পাদিকা কবিতা ৰাভা ; কামৰূপ জিলা সমিতিৰ সভাপতি আনন্দ ৰাভা ; যুটীয়া সম্পাদক অশোক নংবাগ আৰু জীতুল ৰাভা ; আৰছুৰ বকো আঞ্চলিক সমিতিৰ সভাপতি সুজিত ৰাভা আৰু সম্পাদক দিব্য ৰাভাকে ধৰি বহু সংখ্যক নেতৃবৃন্দই কাৰ্য্যসুচীত অংশগ্ৰহণ কৰি সৰ্বোত্তোক্ৰমে সহযোগ আগবঢ়াই। ৰাভা জাতীয় সংগঠনৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্য্যসুচীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমা কান্ত ৰাভা ; কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভা ; আদিত্য ৰাভা ; নগৰমল স্বৰ্গীয়াৰীৰ ; সাধাৰণ সদস্য অৰ্জুন চেত্ৰী ; কল্লৰাম ৰাভাকে ধৰি বহু কেইজন পৰিষদৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰে। ইফালে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী সফল ৰূপায়ণ হোৱাৰ পিছত নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নৃপেন খান্দা আৰু সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাৰ উপৰিও সহযোগী সংগঠন তিনিটাৰ স্বাক্ষৰিত স্মাৰক পত্ৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে। ইফালে অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি ৰাজ্য চৰকাৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ৰাভা চুক্তি অনুসৰি অধিক ক্ষমতা প্ৰদান কৰাৰ দাবী তোলে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like