নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দলৰ সদস্য

নিয়মীয়া বার্তা, ১৩ আগষ্ট: স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীৰ অভিযানকাৰী দলে জাগীৰোডত এক বৃহৎ ডকাইতিৰ ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱাৰ লগতে এটা ডকাইত আৰু এটা ইটালীত নিৰ্মিত নাইন এম এম পিষ্টল ,গুলী আৰু কিছু অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। উলেখ্য গ্ৰেপ্তাৰ হোৱা ডকাইতটোৰ নাম ৰাজেশ মণ্ডল, ঘৰ গুৱাহাটী মহানগৰীত। ঘটনা সম্পৰ্কে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলাই কয় যে এই অপৰাধী চক্ৰটোৱে দীর্ঘদিন ধৰি এ টি এম চুৰি ,ডকাইতি আদি ঘটনাত জড়িত হৈ থকাৰ খবৰ আৰক্ষীৰ হাতত আছিল আৰু কালি এক বিশেষ খবৰৰ ভিত্তিত আৰক্ষী অধীক্ষকগৰাকীয়ে নিজেই নেতৃত্ব দি আৰক্ষীৰ এটা দল লৈ নিশাজুৰি খাপপিটি আছিল। অৱশেষত দুখন গাড়ীৰে ৬জনীয়া ডকাইতৰ দলটোৱে জাগীৰোড নগৰৰ এখন সোণাৰীৰ দোকানত প্ৰৱেশ কৰাৰ চেষ্টা কৰি থকা অৱস্থাতে মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ৰাজেশক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও বাকীকেইজন পলাই যাবলৈ সক্ষম হয়। । উল্লেখ্য উক্ত দলটোৱে ৪৫ লাখ টকাৰ বিনিময়ত সোণ হস্তান্তৰ কৰাৰ প্ৰলোভন দি ডকাইতৰ পৰিকল্পনা কৰিছিল। কিন্তু প্ৰশ্নটো হ’ল যে দুখন গাড়ীত অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত হৈ নৈশ সান্ধ্য আইন চলি থকাৰ মাজতে মহানগৰীৰ আৰক্ষীৰ নিৰাপত্তা বেহু ভেদ কৰি জাগীৰোডত উপস্থিত হ’ব পৰাৰ ঘটনাই মহানগৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্নৰ উদ্বেগ হৈছে। মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ তৎপৰতা নোহোৱা হ’লে এক ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হ’ল হৈ বুলি নিশ্চিতভাৱে ক’ব পাৰি।

You might also like