নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বটদ্ৰৱাত নকল টকা প্ৰস্তুত কৰা মেচিন জব্দ

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ নগাঁৱৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত বটদ্ৰৱাৰ ৰামপুৰসত্ৰত আজি এটা নকল টকা প্ৰস্তুত কৰা মেচিন জব্দ কৰা হয়। বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জব্দ কৰা হয় ৯১৬ গ্ৰাম উজনৰ সোণৰ নাও আৰু বুজন পৰিমাণৰ নকল টকা । আৰক্ষীৰ অভিযানত মহিলা সহ ছয় জনকৈ ব্যক্তি এই ঘটণাৰ লগত জড়িত বুলি গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে আটকাধীন দুজন ব্যক্তি উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা।
You might also like