নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত এছএছবিৰ অভিযানত গাঞ্জা ব্যৱসায়ী আটক

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ চিৰাং জিলাৰ বিজনীত গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে এছএছবিয়ে। কালি মাজনিশা কুমাৰশালিস্থিত এছএছবিৰ ১৫ নং বেটেলিয়নৰ এলফা কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় পাঁচ কিলোগ্ৰাম গাঞ্জাসহ দেৱজিৎ মণ্ডল (20) নামৰ এটা গাঞ্জা ব্যৱসায়ীক। ধৃত দেৱজিৎ মণ্ডলে আন এজন সহযোগীৰ সৈতে এখন বাইকেৰে বাগৰগাঁৱৰ দিশৰ পৰা ২ নং দাৰাঙ্গা অভিমুখে লৈ অহা অৱস্থাত এছএছবিৰ জালত পৰে।অৱশ্যে আনজন সহযোগিয়ে বাইক লৈ পলাই সাৰিবলৈ সক্ষম হয়।পাছত এছএছবিৰ দলটোৱে নিশাৰ ভাগতেই গাঞ্জাসহ ব্যৱসায়িটোক বিজনী থানাত চমজাই দিয়ে।

প্ৰেৰক বৰ্ণালী তালুকদাৰ

You might also like