নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত প্রাক বিবাহ অনুষ্ঠানত অথন্তৰ, দৰাসহ সাতজন পজিটিভ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ লখিমপুৰত বিবাহৰ এক প্রাক–মাংগলিক অনুষ্ঠানত ক’ভিড সংক্রমণৰ বাতৰি পোৱা গৈছে৷ ভাবী দৰাসহ সাতজনৰ দেহত ধৰা পৰিছে ক’ভিড–১৯৷ ঘটনাটো যোৱা দেওবাৰে সংঘটিত হয় নগৰৰ ১০নং ৱার্ড গোপীনগৰত৷ গোপীনগৰ নিৱাসী যোগেশ লোহিয়াৰ গুৱাহাটীৰ এগৰাকী কইনাৰ সৈতে অহা ২৪ এপ্রিলত বিবাহৰ দিন ধার্য কৰা হৈছিল৷

বিবাহৰ পূর্বে দেওবাৰে এটা মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ উক্ত অনুষ্ঠানৰ পাছতে ভাবী দৰা যোগেশে সামান্য অসুস্থতা অনুভৱ কৰা বাবে তেওঁক পৰীক্ষা কৰাত ক’ভিড পজিটিভৰূপে চিনাক্ত হয়৷ লগে লগে উক্ত অনুষ্ঠানত ভাগ লোৱা সকলোৰে পৰীক্ষা কৰা হয়৷ আজি বিয়লি অহা ৰিপ’ট মতে সাতজন ক’ভিড পজিটিভৰূপে ধৰা পৰে৷ এইসকলৰ ভিতৰত ভাবী দৰাৰ ভাতৃ মুহিত লোহিয়াৰ লগতে ৰাজস্থানৰ পৰা অহা বাবুলাল লোহিয়া নামৰ লোকজনো আছে৷

জানিব পৰা মতে, বাবুলাল লোহিয়াই ইতিমধ্যে ক’ভিডৰ দ্বিতীয়টো টিকাও গ্রহণ কৰিছিল৷ এই ঘটনাই এতিয়া হ’বলগীয়া বিয়াখনক অনিশ্চয়তালৈ ঠেলি দিলে৷ উল্লেখ্য যে অজিৰ দিনটোত লখিমপুৰত মুঠ ১১জন লোক ক’ভিড পজিটিভ বুলি চিনাক্ত হৈছে৷ ইয়াকে লৈ জিলাখনত ক’ভিড আক্রান্তৰ সংখ্যা ৬৫জনলৈ বৃদ্ধি পালে৷

You might also like