ছিপাঝাৰৰ ‘শৈশৱ’ত বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী
ছিপাঝাৰৰ “শৈশৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল” ত অনুষ্ঠিত হৈ যায় বিহুৰ গীতে মাতে এদিন শীর্ষক এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান। বিদ্যালয় বাকৰিত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী ছাত্ৰ- ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক -অভিভাৱিকাৰ গীত মাত আৰু কথাৰে জীপাল হৈ পৰা অনুষ্ঠানখনি উদ্বোধন কৰে অসম গৌৰৱ পদ্মশ্ৰী দ্ৰোণ ভুঞাই।
স্বভাবগত শিল্পশৈলীৰ কথনভংগীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰি সুকনানী শিল্পী গৰাকীয়ে বিদ্যালয়খনে শৈক্ষিক ক্ষেত্ৰৰ উপৰি ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শনৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বিশেষ ভাবে শলাগ লয়।
বিদ্যালয়খনৰ শিক্ষক মৃদুল ভুঞা আৰু শিক্ষয়িত্ৰী নিভাৰাণী ডেকাৰ সুৰীয়া কথাৰ ছন্দেৰে আগবঢ়া অনুষ্ঠানত অসমৰ গ্ৰাম্য জীৱনৰ পৰম্পৰাগত বিভিন্ন উপাদান সমৃদ্ধ প্ৰদৰ্শনী দ্বাৰ উদ্ঘাটন কৰে সাংবাদিক ৰণজিত কুমাৰ নাথে।
এনে ধৰণৰ প্ৰদৰ্শনীয়ে আমাৰ সংস্কৃতিক উজ্জিবীত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক লোকজীৱনৰ সতে সংপৃক্ত হৈ আগ বাঢ়ি যোৱাত সহায় কৰিব বুলি বিশেষ ভাবে উল্লেখ কৰে।
বিদ্যালয় খনৰ প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা গীত-নৃত্য আৰু কথাৰ এই অনুষ্ঠানত বিশেষভাবে আকৰ্ষণ আছিল অভিভাৱকৰ বিহু নাচৰ অনুষ্ঠানৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বন্দৰ হুচৰি প্ৰদৰ্শন।
বিদ্যালয়খনৰ অধ্যক্ষ অৰুণ চন্দ্র নাথে বক্তব্য ৰাখি শৈশৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰি ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে প্ৰচেষ্টা চলাই অহাৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত বিদ্যালয়খনৰ শৈক্ষিক উপদেষ্টা বিপ্লৱ চহৰীয়ায়ায়ো বক্তব্য ৰাখে। বিদ্যালয়খনৰ অভিভাৱক প্ৰমুখ্যে কেইবাগৰাকীও শুভাকাংক্ষী উপস্থিত থাকে এই বৰ্ণিল কাৰ্যসূচীত।
নিয়মীয়া বাৰ্তা, ছিপাঝাৰ, ২৩ মে’