নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেঁকী নৈত ‘অবৈধ’ বালি খনন : প্ৰশাসন-বন বিভাগৰ গোপন ছিণ্ডিকেট

বৰপেটা আৰু বাক্সা জিলাৰ সীমামূৰীয়া বেঁকী নদীৰ বুকুত দীৰ্ঘদিন ধৰি চলি থকা অবাধ আৰু অবৈধ যান্ত্ৰিক বালি খননৰ ফলত সমগ্ৰ অঞ্চলটোত এক ভয়ংকৰ পৰিৱেশ সংকটৰ সৃষ্টি হৈ অহাৰ পিচতো প‌্ৰশাসনে ৰহস্যজনকভাৱে চকুমুদা কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে।

স্থানীয় গোৱৰ্দ্ধনা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু গোৱৰ্দ্ধনা আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত স্থানীয় ৰাইজে এই ধ্বংসলীলাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

কিন্তু পৰিতাপৰ বিষয় যে বৰপেটা আৰু বাক্সা জিলা প্ৰশাসনে সমগ্ৰ বিষয়টোক ৰহস্যজনকভাৱে আওকাণ কৰি আহিছে। সংগঠন কেইটাই উত্থাপন কৰা গুৰুত্বপূৰ্ণ অভিযোগ অনুসৰি, বেকী নদীৰ এই অবৈধ খনন কাৰ্যৰ অন্তৰালত প্ৰশাসন-বনবিভাগৰ এক গভীৰ ছিণ্ডিকেট সক্ৰিয় হৈ আছে।

কোনো ধৰণৰ চৰকাৰী ট্ৰানজিট চালান নোহোৱাকৈ দৈনিক শ শ ডাম্পাৰ আৰু ট্ৰাকৰ জৰিয়তে বালি আৰু শিল সৰবৰাহ কৰিবলৈ দিয়া হৈছে। স্থানীয় প্ৰশাসন আৰু বনবিভাগে প্ৰত্যক্ষভাৱে জড়িত নোহোৱাকৈ এক গোপন তৃতীয় পক্ষৰ মাধ্যম ব্যৱহাৰ কৰি প্ৰতিখন চালানবিহীন ট্ৰাকৰ পৰা দৈনিক নিয়মীয়াভাৱে বৃহৎ পৰিমাণৰ অবৈধ ধন সংগ্ৰহ কৰি থকাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।

এই বিত্তীয় মিতিৰালিৰ বাবেই স্থানীয় প্ৰশাসনে সমগ্ৰ বিষয়টোত চকু মুদা কুলিৰ ভূমিকা গ্ৰহণ কৰিছে আৰু ওপৰৰ পৰা কিবা তদন্ত আহিলেও বিভাগীয় বিষয়াই অবৈধ খননকাৰীৰ পক্ষতহে ৰিপৰ্ট পঠিয়াই আহিছে।

উল্লেখ্য যে, এই অনিয়ন্ত্ৰিত যান্ত্ৰিক খননৰ ফলত ইতিমধ্যে ঐতিহাসিক শিমলুবাৰী গাঁওখন মানচিত্ৰৰ পৰা বিলুপ্ত হৈ গৈছে আৰু গামাৰীগুৰী, উত্তৰ চাফাকামাৰ অধিকাংশ মাটি নদিৰ বুকুত বিলিন হোৱাৰ লগতে গোৱৰ্দ্ধনা গাঁৱৰ ৭৫ শতাংশ ভূমি নদীৰ বুকুত জাহ গৈছে।

বৰ্তমান নদীৰ বুকুত জেচিবি আৰু গধুৰ এক্সকেভেটৰ ব্যৱহাৰ কৰি শিল-বালি খন্দাৰ ফলত আৰু শিল-বালি কঢ়িওৱা গধুৰ যানবাহনবোৰ জিঅ’বান্ধৰ ওপৰেৰে পাৰ কৰাৰ ফলত জলসম্পদ বিভাগে কোটি কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বিশ্ব বেংকৰ পুঁজিৰ ‘জিঅ’ বেগ’ মথাউৰিটোৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে।

কোনো কোনো ঠাইত ই খহি পৰাৰ উপক্ৰম হৈছে৷ ইয়াৰ ফলত আগন্তুক বাৰিষাতে গমাৰীগুৰী, হটাপাৰা আৰু উত্তৰ চাফাকামাৰ আদি খিলঞ্জীয়া গাঁওসমূহ সম্পূৰ্ণ বিলীন হৈ যোৱাৰ তীব্ৰ আশংকাই দেখা দিছে।

কেৱল সিমানেই নহয়, নদীৰ গৰাতে অৱস্থিত বৰপেটা ৰোড-মানাস ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথ, ঐতিহাসিক গোৱৰ্দ্ধনা সত্ৰ, প্ৰধানমন্ত্ৰী-শ্ৰীগোৱৰ্দ্ধনা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জি. কে. বি. চিনিয়ৰ চেক’ণ্ডাৰী স্কুল, জি.কে.বি. ডিগ্ৰী কলেজ, স্থানীয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ বৈদ্যুতিক পাৱাৰ হাব এতিয়া ধ্বংসৰ মুখত পৰিছে।

স্থানীয় প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ বাবে বাধ্য হৈ সংগঠনসমূহে পূৰ্বে নতুন দিল্লীৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত এক আনুষ্ঠানিক আবেদন দাখিল কৰিছিল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে যোৱা ১৩ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ খনি আৰু খনিজ বিভাগক এই বিষয়ত লগে লগে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল।

ইয়াৰ উপৰিও সংগঠনসমূহে যোৱা ১৮ মাৰ্চত বৰপেটা জিলা আয়ুক্ত আৰু ২৬ মাৰ্চত বাক্সা জিলা আয়ুক্ত তথা পৰিৱেশ প্ৰভাৱ নিৰূপণ প্ৰাধিকৰণলৈ লিখিত আপত্তি দাখিল কৰি এই খিলঞ্জীয়া এলেকাটোক ‘No Mining Zone’ ঘোষণা কৰিবলৈ দাবী জনাইছিল।

কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে চৰকাৰী নিৰ্দেশনা আৰু দুটাকৈ মাহ পাৰ হৈ যোৱাৰ পিছতো বৰপেটা আৰু বাক্সা জিলা প্ৰশাসনে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে। স্থানীয় প্ৰশাসনৰ এনে চৰম উদাসীনতাত ক্ষুব্ধ হৈ অৱশেষত সংগঠনসমূহে যুটীয়া স্বাক্ষৰিত স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্রীলৈ ইমেইলযোগে প্ৰেৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ কৰ্তৃপক্ষকো এক জৰুৰী আইনী ৰিমাইণ্ডাৰ প্ৰেৰণ কৰিছে৷

ছাত্ৰ সন্থা আৰু সাহিত্য সভাৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিছে যে যদিহে লগে লগে বেঁকী নদীৰ এই অবৈধ যান্ত্ৰিক খনন বন্ধ কৰা নহয় আৰু দুৰ্নীতিপৰায়ণ বিষয়াৰ বিৰুদ্ধে তদন্ত নহয়, তেন্তে ৰাইজক লগত লৈ ৰাষ্ট্ৰীয় হৰিৎ প্ৰাধিকৰণ (NGT) ৰ কাষ চাপিবলৈ তেওঁলোক বাধ্য হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ ৰাইজে অনশন, অৱৰোধ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচত কিছুদিন ইয়াৰ প্ৰভাৱ দেখা পিচত পুনৰ একাংশৰ ছত্ৰছায়াত এনেদৰে অবৈধ কাৰ্য চলাই আহিবলৈ সক্ষম হোৱাতোত স্বাভাৱিকতে সৰ্বস্তৰৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

নিয়মীয়া বাৰ্তা, বৰপেটাৰোড, ২৩ মে’

You might also like